নিউজ ডেস্ক– বহিঃৰাজ্যত উত্তৰ-পূৱৰ ছাত্ৰী যে সুৰক্ষিত নহয় সেই কথা পুনৰ বাৰ উত্থাপিত হৈছে | বৰপেটাৰ হাউলীৰ এগৰাকী ছাত্ৰীৰ লগত হোৱা বলাৎকাৰৰ ঘটনা পোহৰলৈ অহাত সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ছাত্ৰী গৰাকী আছিল ইষ্ট ৱেষ্ট কলেজ, বাংগালুৰুৰ বিএছচি নাৰ্চিঙৰ ছাত্ৰী।
কিছুদিন পূৰ্বে বাংগালুৰৰ এই কলেজখনত নামভৰ্তি কৰা ছাত্ৰী গৰাকীক পিতৃয়ে বাংগালুৰুত থৈ অহাৰ দুদিনৰ পিছতেই তিনিজন যুৱকে বলাৎকাৰ কৰি নৃশংসভাৱে ছাত্ৰী গৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ |
পিতৃ-মাতৃৰ সপোন পূৰাবলৈ বাংগালোৰলৈ যোৱা হাউলীৰ জেচমিনাৰা আখতাৰ নামৰ মেধাৱী ছাত্ৰী গৰাকীৰ সপোন সপোন হৈয়ে থাকিল ৷
হাউলী নগৰঝাৰৰ বাসিন্দা নাজিমউদ্দিন আহমেদ আৰু মৰ্জিনা খাতুনৰ দ্বিতীয় সন্তান জেচমিনাৰা আখতাৰ ধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা বুলি অভিযোগ কৰে পৰিয়াল বৰ্গই ৷
দুৰ্ভগীয়া ছাত্ৰী গৰাকীৰ পিতৃয়ে প্ৰকাশ অনুসৰি বাংগালোৰৰ ইষ্ট-ৱেষ্ট কলেজত বি এছ চি নাৰ্ছিঙত অধ্যয়ন কৰাৰ বাবে ১৪ ডিচেম্বৰত খুড়াক আৰু খুড়াকৰ ছোৱালী লিনতাজ জাহানৰ লগত বাংগালুৰলৈ গৈছিল। খুড়াকে জেচমিনাৰা আৰু লিনতাজক হোষ্টেলত থয় ৷ বুধবাৰে পুৱা টকা উলিওৱাৰ বাবে এজেন্ট আনিছুৰ ৰহমানৰ লগত এটিএমলৈ যোৱাৰ পিছতে ৰহস্যজনকভাবে মৃত্যুক সাৱটি লোৱা বুলি পৰিয়ালৰ লোকে জনায় ৷
এই কাৰ্যৰ মূল অভিযুক্ত গোৱালপাৰাৰ আনিছুৰ ৰহমান আৰু আন দুজনৰ চৰম শাস্তি প্ৰদানৰ দাবী উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ।
স্থানীয় আৰক্ষীয়ে আনিছুৰ ৰহমানক আটক কৰিছে ৷ আনিছুৰে জেচমিনাৰাক ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ কৰে পৰিয়ালবৰ্গই ৷ বাংগালুৰৰ পৰা জেচমিনাৰাৰ মৃতদেহ অসমলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷