বৰপেটা – বৰপেটা পুনৰ অনুষ্ঠিত হ’ব বাংলাদেশী অভিনেত্ৰীৰ অনুষ্ঠান। ২১ ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ সৰভোগৰ অন্তেগত জামাদাৰবৰীত অনুষ্ঠিত হ’ব বাংলাদেশী অভিনেত্ৰীৰ অনুষ্ঠান। অসমত বাংলাদেশী অভিনেত্ৰীৰ অনুষ্ঠানৰ বিৰোধিতা আমছুৰ।
বাংলাদেশৰ ছবি জগতৰ আগশাৰীৰ অভিনেত্ৰী অপু বিশ্বাস পুনৰ আহিব অসমলৈ। ২০১৯ বৰ্ষৰ ২০ অক্টোবৰৰ নিশা বৰপেটাৰ হালবাৰীৰ চাউলিয়াবাৰীত আয়োজিত এক অনুষ্ঠানত নৃত্য পৰিবেশন কৰিবলৈ পূৰ্বেও অসমলৈ আহিছিল অপু বিশ্বাস। উক্ত অনুষ্ঠানত আপোনালোক সকলো বাংলাদেশৰ বাঙালী বুলি এক বিস্ফোৰক মন্তব্য কৰিছিল অপু বিশ্বাসে। ইয়াৰ পিছতেই বৰপেটাবাসীক বাংলাদেশী বুলি কোৱাত জাঙুৰ খাই উঠিছিল বৰপেটা জিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে আমছুয়ে।
ভৱিষ্যতে বৰপেটা জিলাত বাংলাদেশী শিল্পী আনি অনুষ্ঠান নকৰিবলৈ সকীয়নীও দিছিল আমছুৱে কিন্তু একাংশ লোকে যেন কেৱল ব্যস্ত অসমৰ পৰিস্থিতি উত্তাল কৰিবলৈ। কিয়নো অহা ২১ ফেব্ৰুৱাৰীত পুনৰ বৰপেটা জিলাৰ সৰভোগৰ জামাদাৰবৰীত আগমন ঘটিব বাংলাদেশী অভিনেত্ৰী অপু বিশ্বাসৰ। ইফালে অহা ফেব্ৰুৱাৰীৰ ২১ তাৰিখত হ’বলগীয়া অপু বিশ্বাসৰ অনুষ্ঠানক লৈ আমছুৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক লুতফৰ ৰহমানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আমছুৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক লুতফৰ ৰহমানে বৰপেটাত অপু বিশ্বাসৰ অনুষ্ঠান বাতিল কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে। ইফালে আমছুৱে বৰপেটাৰ সৰভোগত বাংলাদেশী অভিনেত্ৰী অপু বিশ্বাসৰ অনুষ্ঠান সন্দৰ্ভত অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰাৰো আহ্বান জনাইছে।
এতিয়া প্ৰশ্ন হয় অসমত ইমান শিল্পী থকা সত্বেও একাংশই বাংলাদেশী শিল্পীক আমন্ত্ৰণ কৰি অনুষ্ঠান কৰাত কিয় ইমান ব্যস্ত ? এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।