বাক্সাত খেতিয়কৰ ঘৰলৈ গুলী চালনা

বাক্সা – খেতিয়কৰ ঘৰলৈ গুলী চালনা। নিশা কুমাৰীকাটাৰ মেশগুৰীৰ পুখুৰীপাৰ গাঁৱত গুলী চালনা। তিনি অচিনাক্ত অস্ত্ৰধাৰীয়ে এজন খেতিয়কৰ ঘৰলৈ গুলী চালনা কৰে। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি খেতিয়কৰ পৰিয়ালৰ লোকক ভয়-ভাবুকি প্ৰদান।

বাক্সা জিলাৰ কুমাৰীকাটাৰ মেশগুৰীৰ পুখুৰীপাৰ গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক গুলী চালনাৰ ঘটনা। নিশাৰ ভাগত কৃষ্ণ দাস নামৰ এজন খেতিয়কৰ ঘৰত তিনি অস্ত্ৰধাৰী যুৱকে মুখত কলা কাপোৰ বান্ধি খেতিয়ক জনৰ ঘৰত প্ৰৱেশ কৰি গুলী চালনা কৰে। অস্ত্ৰধাৰী যুৱকৰ দলটোৱে প্ৰথমতে কৃষ্ণ দাসৰ পৰিয়ালৰ লোক সকলক টোপনিৰ পৰা উঠাই ভয়-ভাবুকি প্ৰদান কৰে।

ইয়াৰ মাজতে কৃষ্ণ দাসৰ পৰিয়ালৰ এজন সদস্যই ঘৰৰ খিৰিকীৰে পলাই স্থানীয় লোকক খবৰ দি চিঞৰ-বাখৰ কৰাত অস্ত্ৰধাৰী দলটো গুলী ফুটাই পলায়ন কৰে। কৃষ্ণ দাসৰ লগতে তেওঁৰ পত্নী সুমতী দাসকো ভাবুকি প্ৰদান কৰে অস্ত্ৰধাৰী দলটোৱে। গুলী চালনাৰ খবৰ পাই কুমাৰীকাটা আৰক্ষী আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন মেধি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে কৃষ্ণ দাসৰ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ৯ এম এম পিষ্টলৰ গুলীৰ অৱশিষ্ট। নিশাই ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াই উপস্থিত হৈ আৰম্ভ কৰে অনুসন্ধান। গুলী চালনাৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ। বিটিচি নিৰ্বাচনৰ ফলাফলৰ পিছতে বড়োভূমিত অস্ত্ৰধাৰী যুৱকৰ দ্বাৰা গুলী চালনাৰ ঘটনাই চিন্তিত কৰি তুলিছে ৰাইজক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply