নিউজ ডেস্ক : শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব লগীয়া বাজেট অধিবেশনৰ ৰাষ্ট্ৰপতিৰ ভাষনৰ সময়ত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ১৬টা ৰাজনৈতিক দলে । এই কথা জানিব দিয়ে কংগ্ৰেছ নেতা গোলাম নবী আজাদে । ইয়াৰ ফলত বিৰোধী বিহীন ভাবেই বাজেট অধিবেশনৰ আৰম্ভণী হ’ব | ইয়াৰ মুখ্য কাৰণ হৈছে বিৰোধীৰ সৈতে কোনো যুক্তি যুদ্ধ নকৰাকৈ তিনি কৃষি বিধেয়ক গৃহীত কৰা । এই সন্দৰ্ভত এক যুটীয়া বিবৃতি জাৰি কৰিছে।
বিবৃতিত প্ৰকাশ কৰিছে, কৃষকসকলে তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে । এই আইনে কৃষিৰ বাবে ভাবুকি সৃষ্টি কৰিছে । আনহাতে ভাৰতৰ ৬০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষকসকলে ঠাণ্ডা, বৰষুণ আৰু কুঁৱলীৰ মাজত ৬৪ দিন ধৰি দিল্লীৰ সীমা অঞ্চলত প্ৰতিবাদ অব্যহত ৰাখিছে । প্ৰতিবাদত এতিয়ালৈকে ১৫৫ জন কৃষকে প্ৰাণ হেৰুৱাইছে।
কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবাদৰ উত্তৰ কন্দুৱা গেছ, লাঠি চাৰ্জ আদিৰে দিছে । আমি ইয়াৰ তীব্ৰ নিন্দা কৰিছো বুলি যৌথ প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৰাজনৈতিক দল সমূহে ।বিবৃতিটোত ২৬ জানৱাৰীত বিৰোধী দলসমূহে কৃষকে শান্তিপূৰ্ণ ভাবে আন্দোলন চলাই নিয়াৰ সময়ত এচাম দুস্কৃতিকাৰীয়ে হিংসাত্মক কাৰ্য কৰা বুলি উল্লেখ কৰে |