গুৱাহাটী:- অবশেষত ২২ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা এইবাৰ বাতিল কৰিলে | পৰবৰ্তী দিন ২০২১ চনৰ নবেম্বৰত অনুষ্ঠিত হ’ব। অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গ্ৰহণ কৰিলে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ জানুৱাৰী-ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল গ্ৰন্থমেলাখন।
গ্ৰন্থমেলাৰ উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰা মতে যিহেতু ২০২১ৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত কোভিড-১৯ ৰ বাবে অংশগ্ৰহণকাৰীসকলে গ্ৰন্থমেলাত অংশ ল’বলৈ অনিচ্ছুক, সেয়ে আগন্তুক বৰ্ষৰ নবেম্বৰ মাহত অনুষ্ঠিত হ’ব গ্ৰন্থমেলাখন।
ইয়াৰ মাজতে প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা অহা ৩০ ডিচেম্বৰৰ পৰা চানমাৰীৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হব