বঙাইগাঁও – বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ গৰাখহনীয়াই নাম্বাৰপাৰা অঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰিছে। মানাহ নদীৰ গৰাখহনীয়াৰ ফলত অঞ্চলটোত ইতিমধ্যে বহু লোক গৃহহীন হৈ পৰিছে। কিছুদিন পূৰ্বে মানাহ নদীৰ গৰাখহনীয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত মানাহ নদীৰ গৰাখহনীয়া ৰোধৰ দাবীত আমছুৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে নদীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
ৰাইজৰ প্ৰতিবাদী কণ্ঠ ৰুধিবলৈ বিধায়ক আব্দুল হাই নাগৰীৰ পালিত একাংশ সমৰ্থক তথা এজন গাঁওৰক্ষী বাহীনিৰ সম্পাদকে বাৰে বাৰে প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰাত বাধা প্ৰদনা কৰিবলৈ সাংবাদিকৰ হাতত ধৰি টনা-আঁজোৰা কৰে। সাংবাদিকৰ লগত বিধায়কৰ সমৰ্থক এনে ব্যৱহাৰত অধিক ক্ষোভিত হৈ পৰে প্ৰতিবাদকাৰীসকল।
বিধায়কৰ সমৰ্থকৰ অভৱ্য আচৰণৰ বাবে লগে লগে প্ৰতিবাদস্থলীত আব্দুল হাই নাগৰী মুৰ্দাবাদ, আব্দুল হাই নাগৰি হায় হায়, নাগৰিৰ দালালি নচলিব, আব্দুল হাই নাগৰিৰ দালালক জীয়াই জীয়াই কৱৰ দিয়ক আদি শ্ল’গান দিয়ে লগতে অসম চৰকাৰ হায় হায়, কেশৱ মহন্ত মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে গৰাখহনীয়া ৰোধ নকৰিলে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিম বুলিও হুংকাৰ দিয়ে। পৰাজয়ৰ উমান পাই প্ৰতিবাদী কণ্ঠ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰুধিবলৈ বিধায়ক গৰাকীয়ে একাংশ লোকক সমষ্টিত নিয়োগ কৰা বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে।