মাজুলী– মাজুলীৰ যাতায়ত ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ। মাজুলীক বহিঃ জগতৰে কম সময়ৰ ভিতৰত যোগাযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্নয়নৰ এক উজ্জ্বল প্ৰমাণ দাঙি ধৰি বৃহস্পতিবাৰে মাজুলী জিলা সদৰ গড়মুৰৰ নাতি দূৰৈত অৱস্থিত বৰবাৰীত উদ্ধোধন কৰিলে অসমৰ প্ৰথম খন হেলিপৰ্ট ।
হেলিপৰ্টৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে হেলিপৰ্টৰ অতিথি গৃহ।
হেলিপৰ্ট উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে সাংবাদিকৰ আগত কয়, ” চৰকাৰে লোৱা আচঁনি সমূহ সদব্যৱহাৰ কৰি মাজুলীবাসীৰ সক্ৰিয় সহযোগিতাৰে অসমৰ প্ৰথমটো হেলিপৰ্ট নিৰ্মাণ কৰি উদ্ধোধন কৰা হৈছে।”
এই যাতায়ত ব্যৱস্থাৰ জড়িয়তে বিশ্ব বাসীয়ে মাজুলীক অতি কম সময় ভিতৰত জনাৰ ওপৰিও সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ মাজুলীৰ পৰ্যটন ক্ষেত্ৰখন অধিক প্ৰগতিশীল হ’ব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে মাজুলী আন্তঃগাঠনি টনকিয়াল কৰাৰ অংশ হিচাপে হেলিপৰ্ট নিৰ্মাণ কৰা হৈছে আৰু তাৰ সমান্তৰাল ভাবেই মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ কামো চৰকাৰে অতি আন্তৰিকতাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰে।
ইয়াৰ পূৰ্বে মূখ্যমন্ত্ৰীয়ে কেৰেলা গাওঁস্থিত শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অ-নিৰ্ধাৰিত পুঁজিৰ পৰা আৱন্তিত ২৫ লাখ টকাৰ বিদ্যালয়ৰ ভৱনৰ আধাৰ শিলা স্থাপন কৰে। এই হেলিপৰ্টৰ পৰাই হেলিকপ্টাৰত উঠি মাজুলীৰ পৰা ৰাওনা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ ইতিহাসত এই দিনতো এক যুগান্তকাৰী আৰু প্ৰগতিকামী দিন হিচাপে পৰিগণিত হয়।