গুৱাহাটী- দেশ জুৰি বাৰ্ড ফ্লুৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পিছত দেশৰ অনান্য অঞ্চলৰ লগতে অসম ৰাজ্যিক চিৰিয়াখানাতো বন্ধ কৰা হৈছে কুকুৰাৰ মাংস।
বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰক পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে পৰিৱেশ মন্ত্ৰালয়ে | দেশৰ পাঁচখন ৰাজ্যত সমান্তৰালভাৱে বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰাৰ পাছতেই পৰিৱেশ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
অসমত এতিয়াও বাৰ্ড ফ্লুৰ লক্ষ্যণে দেখা দিয়া নাই যদিও অসমত গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা। চিৰিয়াখানাত ইতিমধ্যে কুকুৰাৰ মাংস বন্ধ কৰি দিয়াৰ বিপৰীতে চিৰিয়াখানা কৰ্তৃপক্ষই বিকল্প মাংসৰ ব্যৱস্থা কৰাৰ তথ্য প্ৰকাশ কৰিছে চিকিৎসকে |
কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে সকলো ৰাজ্যকেই বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়াৰ লগতে পৰিভ্ৰমী পক্ষীৰ মৃত্যুৰ সংখ্যাও কেন্দ্ৰক জনোৱাৰ আহ্বান জনাইছে | তদুপৰি পৰিভ্ৰমী পক্ষীৰ বাসস্থান, জলাশয় আদিও ৰাজ্য চৰকাৰক নজৰ ৰখাৰ আহ্বান জনাইছে |
ইতিমধ্যে বহুকেইখন ৰাজ্যত নিষিদ্ধ কৰা হৈছে পক্ষীৰ মাংস-কণীৰ বিক্ৰী। বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ফলত কুকুৰা ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰিছে | অসমৰ পশুপালন মন্ত্ৰালয়ে বাৰ্ড ফ্লুৰ প্ৰভাব যাতে মানৱ দেহলৈ বিয়পিব নোৱাৰাকৈ তাৰবাবে সকলো সাৱধানতা অৱলম্বন কৰাৰ কথা প্ৰকাশ কৰিছে বিভাগীয় মন্ত্ৰী অতুল বৰাই |
ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি মন্ত্ৰী গৰাকীয়ে কয় , ‘অসমত এতিয়ালৈকে বাৰ্ড ফ্লু ঘটনা পোহৰলৈ অহা নাই যদিও চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে | কিছুদিনৰ আগতে ছোৱাইন ফিভাৰ হৈ বহু গাহৰিৰ মৃত্যু হৈছিল, সেই পৰিস্থিতিৰ পৰাও আমি বৰ্তমান উদ্ধাৰ হৈছো , বৰ্তমান দেশত দেখা দিয়া বাৰ্ড ফ্লুৰ ক্ষেত্ৰতো চৰকাৰ সষ্ট্ৰম হৈ আছে |’