গোলাঘাটৰ কায়া পাৰ্লাৰত হ'ল চিকিৎসকৰ দূৰ্দশা Credit: ফেচবুক

গোলাঘাট: আকৌ এবাৰ অসমত বিউটি পাৰ্লাৰলৈ গৈ ধুনীয়া হোৱাৰ পৰিবৰ্তে ঘুণীয়া হৈ উভতিব লগা হ’ল এগৰাকী চিকিৎসক। এইবাৰ ঘটনাৰ স্থান হ’ল গোলাঘাট ।

বিজ্ঞাপনেৰে সকলোকে আকৰ্ষিত কৰাৰ বিপৰীতে পাৰ্লাৰৰ কৰ্মচাৰীৰ অনভিজ্ঞতা আৰু নিম্ন মানৰ যন্ত্ৰপাতিৰ বাবে আপোনাৰ মূখখন নিজেই চিনি নোপোৱা কৰি দিব পাৰে এই পাৰ্লাৰ বোৰে । তেনে এক ঘটনাই ঘটিল গোলাঘাটৰ কায়া বিউটী পাৰ্লাৰত। ধুনীয়া হ’বলৈ গৈ কুৎসিত হ’ব লগা হ’ল এগৰাকী চিকিৎসক।

চিকিৎসকগৰাকীৰ নাম ডা০ লিজা দেৱী। অধিক সুন্দৰ কৰিবৰ বাবে মহিলাগৰাকীৰ বিউটী পাৰ্লাৰলৈ গৈছিল যদিও  গোলাঘাট নগৰৰ তপন নগৰ চাৰিআলিত থকা কায়া বিউটী পাৰ্লাৰত সোমোৱাৰ পাছত মুখখনে ল’লে অদ্ভূত ৰূপ। ফেচিয়েল কৰাৰ পিছত সম্পূৰ্ণৰূপে জ্বলি যায় চিকিৎসকগৰাকীৰ মুখখন।

জানিবলৈ দিয়া মতে,  ফেচিয়েল কৰি থকা অৱস্থাত পানী গৰম কৰা মেচিনৰ পৰা উতলা পানী মুখ মণ্ডলত পৰি যায় চিকিৎসকগৰাকীৰ। ফলত জ্বলি যায় মুখমন্ডল। অনভিজ্ঞ কৰ্মচাৰীৰে আধুনিক মেচিনসমূহৰ জ্ঞান নোহোৱাকৈ ব্যবহাৰ কৰাৰ ফলতেই এনেবোৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply