গুৱাহাটী: দীৰ্ঘদিন ধৰি নিয়মীয়াভাবে দৰমহা আদায় নিদিয়াৰ লগতে অন্যান্য দাবীৰ প্ৰতিবাদত মহানগৰীৰ পাণবজাৰস্থিত বিএছএনএলৰ কার্যালয়ত বঞ্চিত কর্মচাৰীসকলে আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰে৷ কার্যসূচীত অংশগ্রহণ কৰা কর্মচাৰীসকলে জানিবলৈ দিয়া মতে বিভাগীয় কর্তৃপক্ষই যোৱা ছমাহ ধৰি কর্মচাৰীসকলৰ দৰমহা আদায় দিয়া নাই৷
তদুপৰি ২০১৭ চনৰ পৰা কর্মচাৰীসকলৰ সংশোধিত দৰমহা বন্ধ কৰি ৰখা হৈছে৷ ইপিনে, ক’ৰোনা মহামাৰীৰ দোহাই দি বিএছএনএল কর্তৃপক্ষই কর্মচাৰী আৰু অৱসৰ গ্রহণ কৰাসকলৰ স্বাস্থ্য মাচুল আদায় নিদিয়াকৈ আছে৷ লক্ষণীয়ভাৱে লেণ্ডলাইন আৰু ব্রডবেণ্ড সম্পূর্ণ ব্যক্তিগতকৰণ কৰাৰ উপৰি মজদুৰসকলক বিএছএনএল কর্তৃপক্ষই কাম কৰাৰ সুবিধাৰ পৰা আতৰাই ৰখাৰ অভিযোগ কৰ্মচাৰীসকলৰ ৷ কৰ্মচাৰীসকলে পাপ্য দাবীৰ বাবে অনশন কাৰ্যসূচীত অংশ লোৱাৰ বিষয়ে কৰ্মচাৰী বিজয় ডেকাই জানিবলৈ দিয়ে ৷