সংগীতজ্ঞ ওস্তাদ গোলাম মোস্তাফা খানৰ দেহাৱসান

নিউজ ডেস্ক– বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ ওস্তাদ গোলাম মোস্তাফাৰ দেহাৱসান। দেওবাৰে মুম্বাইস্থিত নিজ বাসভৱনত মৃত্যুক আঁকোৱালি লয় সংগীতজ্ঞ গৰাকীয়ে।

২০১৯ চনত তেওঁ ব্রেইন ষ্ট্র’কত আক্রান্ত হৈছিল ৷ তেতিয়াৰে পৰা পক্ষাঘাতত আক্রান্ত হৈ তেওঁ শয্যাশায়ী হৈ পৰে ৷ দিনটোৰ ২৪ ঘণ্টাই তেওঁক নার্ছৰ নিৰীক্ষণত ৰখা হৈছিল ৷ কিন্তু দেওবাৰে দুপৰীয়া হঠাৎ মৃত্যুক আঁকোৱালি লয় ওস্তাদ গোলাম মোস্তাফা খানে ৷

বাল্যকালৰে পৰা তেওঁ বিখ্যাত সংগীতজ্ঞৰ সান্নিধ্য লাভ কৰিছিল৷ তেওঁৰ পিতৃ ওস্তাদ ৱাৰিছ হুছেইন খান আছিল এজন প্রখ্যাত সংগীতজ্ঞ৷ আনহাতে, মাতৃ সবৰী বেগমৰ পিতৃও আছিল এজন খ্যাতনামা সংগীতজ্ঞ ওস্তাদ ইনায়ৎ হুছেইন খান ৷

সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্রী, পদ্মভূষণ,পদ্মবিভূষণ বঁটাৰেও সন্মানিত কৰা হৈছিল। ২০০৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল।

ওস্তাদ গোলাম মোস্তাফা খানৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁৰ মৃত্যুত দেশৰ সাংস্কৃতিক জগতখন দুখীয়া হৈ পৰিল বুলি টুইটযোগে এক শোকবার্তাত উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

মৃত্যুৰ সময়ত ওস্তাদ গোলাম মোস্তাফা খানৰ বয়স হৈছিল ৮৯ বছৰ ৷ ওস্তাদ গোলাম মোস্তাফা খানৰ মৃত্যুয়ে সমগ্ৰ সংগীতৰ জগতখনতেই শোকৰ ছাঁ পেলাইছে। তেখেতৰ মৃত্যু ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনৰ এক অপূৰণীয় ক্ষতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply