চামগুৰি – চামগুৰিত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। চামগুৰিৰ বৰালিগাঁৱত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। বিচনাত শুই থকাৰ অৱস্থাত বনৰীয়া হাতীয়ে শুৰেৰে দাঙিলে আঠুআ। বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে।
নগাঁও জিলাৰ চামগুৰিৰ গাঁও সমূহত বনৰীয়া হাতীৰ জাকে টোপনি হৰিছে বন বিভাগৰ লগতে ৰাইজৰ। চামগুৰিৰ বিভিন্ন গাঁৱত ১৫০ জনীয়া বনৰীয়া হাতীৰ জাকে বিগত কিছুদিন ধৰি চলাই আহিছে উপদ্ৰৱ। দিনে-নিশাই চামগুৰিৰ পথাৰত মুক্ত বিচৰণৰ কৰিছে বনৰীয়া হাতীৰ জাক। বন বিভাগৰ বাধাকো নেওচি বনৰীয়া হাতীৰ জাকে পথাৰৰ ধান খোৱাৰ লগতে চলাই গৈছে উপদ্ৰৱ। বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই গঞা ৰাইজক আতংকিত কৰি ৰাখিছে। চামগুৰিৰ বাঘবৰালি, ৰঙাগড়া, ৰঙামাটি, বুঢ়া-বুঢ়ী, চৰণবস্তী, গেন্ধালি, উদমাৰি, কেঁকোৰাচুক আদি বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা ১৫০ জনীয়া বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ।
বনৰীয়া হাতীৰ জাকটোৱে কেইবাদিন ধৰি চামগুৰিৰ গাঁও সমূহৰ পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে। বৃহস্পতিবাৰে নিশাও চামগুৰিৰ বৰালিগাঁৱত বনৰীয়া হাতীৰ জাক প্ৰৱেশ কৰি ৰাম দাস নামৰ এজন লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ৰাম দাস নামৰ লোকজন বিচনাত শুই থকাৰ অৱস্থাত হাতীয়ে শুৰেৰে আঠুৱা দাঙি ৰাম দাসক আক্ৰমণ কৰে যদিও কঠমপি প্ৰান ৰক্ষা পৰে ৰাম দাসৰ লগতে ঘৰত থকা তিনিজনকৈ লোকৰ। উল্লেখ্য যে বন বিভাগে বনৰীয়া হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ বৃহত কিছুদিন ধৰি চেষ্টা অব্যাহত ৰাখিছে যদিও সাফল্য লাভ কৰাত ব্যৰ্থ হৈছে বন বিভাগ।
নিশা হ’লেই বন বিভাগৰ লোকে বনৰীয়া হাতীৰ জাকটো কাৰ্বি পাহাৰৰ দিশে খেদি পঠিয়াই যদিও পুৱতি নিশা পুনৰ বনৰীয়া হাতীৰ জাকটো গাঁওলৈ উভতি আহে। নগাঁও বন বিভাগে শূণ্যলৈ গুলী চালনা কৰি, ফটকা ফুটাই বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ অভিযান অব্যাহত ৰখাৰ সমান্তৰালে স্থানীয় ভুক্তভোগি ৰাইজেও হাতে-হাতে জোৰ-ভোটালৈ বনৰীয়া হাতী খেদিবলৈ সহযোগ কৰি আহিছে বন বিভাগৰ অভিযানকাৰী দলক।