চিৰাং – চিৰাং জিলাৰ বিজনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। গেৰুকাবাৰী-কাৱাটিকাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এনজ যুৱকক গ্ৰেপ্তাৰ।
চিৰাংত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ এজন যুৱক গ্ৰেপ্তাৰ হয়। চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা যুৱকজন পশ্চিম গেৰুকাবাৰীৰ আবু বক্কৰ ছিদ্দিকি বুলি জানিব পৰা গৈছে। চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়াৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ হাতে লোটে গেৰুকাবাৰীৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিজনী কাৱাটিকাৰ আন এজন যুৱকৰ ঘৰত আৰক্ষীয়ে তালাচী চলোৱাত যুৱকজনৰ বাসগৃহৰ পৰা ড্ৰাগছসহ বহু খালী ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। মুঠ ৫৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, লাইটাৰ ৪১ টা, মোবাইল হেণ্ডছেট ৩ টা, ড্ৰাগছ কঢ়িওৱা কেছ ৩ টা আৰু ৯৩ টা ড্ৰাগছৰ খালী কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত বিজনী থানাত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২২(চি) অনুসৰি ৭৯/২০২১ নম্বৰ গোচৰ পঞ্জিয়ণ কৰি আৰক্ষীয়ে তদন্ত চলাই যোৱা বুলি জানিবলৈ দিয়ে চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে। উল্লেখ্য যে বিগত সময়ছোৱাত চিৰাং জিলাৰ বিভিন্ন অঞ্চল ড্ৰাগছৰ ঘটিত পৰিণত হৈছে। জিলাখনত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ কৰি তুলিছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।