বিজেপিত যোগদান জোনাইৰ গণশক্তিৰ বিধায়ক ভূবন পেগু Credit: ইষ্ট ম'জ'

গুৱাহাটী – ভাৰতীয় জনতা পার্টিৰ প্রতি আকৃষ্ট হৈ সোমবাৰে কেইবাটাও দল-সংগঠনৰ নেতা আৰু সমাজৰ বিভিন্ন শ্রেনীৰ কেইবাগৰাকী লােকে আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে। যােগদান কৰাসকলৰ ভিতৰত জোনাইৰ বিধায়ক গণশক্তি দলৰ নেতা ভূৱন পেণ্ড, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দেৱী বৰা, ৰাষ্ট্ৰীয় প্রতিনিধি এনজয় দে, সাংবাদিক কংস্কনা গােস্বামী, উমী ডেকা বৰুৱা, ডুনী বৰবৰুৱা, অসম অনুসূচীত জাতি ইউনাইটেড ফ্রন্ট সভাপতি উৎপল হাজৰিকা, অধিবক্তা তথা এনপিপিৰ যুৱ সম্পাদক ফাজলী ইলাহী চৌধুৰী, প্রাক্তন শিক্ষক ড০ আবু বক্কৰ ছিডিক্কি, কাডিজ জামান জিন্ন অন্যতম।

শিল্পী, চিকিৎসক, অভিযন্তাৰ লগতে সদৌ অসম বেংগলী যুৱ ছাত্র ফেডাৰেচন, এনপিপি, এপিচিচি, এপিএমচি, এজেপি, আদি দল-সংগঠন সমূহৰ কেইবাগৰাকী নেতাই বিজেপিৰ সদস্যতা গ্রহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে যোগদান কৰা সকলক দলীয় গলবস্ত্ৰৰে আদৰণি জনায়। অনুষ্ঠানত বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে বিজেপিত যোগদান কৰা সকলক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অস্তোদয়া দর্শনক সাৰৰাগত কৰি দলীয় কামকাজত মনােনিবেশ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে আজি বিজেপি দলত বৃহৎ সংখ্যাক ইছলামধর্মী ব্যক্তি যােগদানে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৱকা-সাথ-সৱকা-বিকাশ-সৱকা- বিশ্বাস এই নীতিক প্রতিফলিত কৰিছে।

ইছলামধর্মী লােক মানেই কংগ্ৰেছ বা এআইইউডিএফ নহয় বুলি দোহাৰী সভাপতি গৰাকীয়ে কয় যে, বিজেপিয়েহে সংখ্যালঘুসকলৰ স্বার্থ সুৰক্ষিত কৰিব পাৰিব। তেওঁ কয় যে, জনসাধাৰণে এতিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী তথা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল চৰকাৰৰ সফলতাৰ মূল্যায়ন কৰিব পাৰিছে। যােৱা পঞ্চায়ত নির্বাচনৰ পৰা সমাজৰ বিভিন্ন শ্রেণী প্রায় ৯ লাখ লােকে বিজেপিত যােগদান কৰিছে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, ৬৭ লাখ কাৰ্যকর্তা সৃষ্টিৰ লক্ষ্যত দল উপনীত নােহােৱালৈকে এই যোগদান কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব।

ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, জনসাধাৰণে বিজেপি দলৰ দর্শন উপলব্ধি কৰাৰ লগতে বিজেপি আৰু কংগ্ৰেছৰ মাজৰ পার্থক্য বিচাৰি পাইছে। কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কংগ্রেছৰ অপশাসন, ভ্ৰষ্টাচাৰত ৰাজ্যবাসী জুৰুলা হােৱা বুলি নিজে স্বীকাৰ কৰা বিষয়টো উত্থাপন কৰি সভাপতি গৰাকীয়ে কয় যে, বিজেপি কেৱল এটা দল নহয় এটা অভিযান আৰু এই অভিযান সফল কৰি তুলিবলৈ নবীনক মৰম আৰু প্ৰবীনৰ শ্ৰদ্ধা এই আদর্শক সদায় স্মৰণ কৰি যাব লাগিব। দলীয় কাৰ্যকৰ্তাৰ সক্রিয়তা আৰু চৰকাৰৰ সফলতাই বিজেপি+ = ১০০+ এই লক্ষ্যত উপনীত কৰাব বুলি তেওঁ দৃঢ়তা প্রকাশ কৰে।

তেওঁ লগতে কয় যে, দৰিদ্ৰ জনসাধাৰণৰ বাবে বিজেপি চৰকাৰে যি ধৰণে কাম কৰিছে অন্য কোনাে চৰকাৰে কৰিব পৰা নাই। ক্ষমতাৰ কাৰণে নহয় বৰঞ্চ ৰাষ্ট্র, জাতি তথা ৰাজ্যনিৰ্মাণৰ বাবেহে ভাৰতীয় জনতা পার্টিয়ে অবিৰতভাৱে কাম কৰি আহিছে আৰু আগলৈও এই আদর্শ সাৰােগত কৰি কাম কৰি যাব বুলিও মত প্রকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লােচন দাসে আত ধৰা অনুষ্ঠানটিত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্রী পৰিমল শুক্লবৈদ্য, বিধায়ক ৰণােজ পেগু, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মা আৰু সাংসদ তথা সাধাৰণ সম্পাদক ড০ ৰাজদ্বীপ ৰয়ৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কার্যকর্তাসকলাে উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply