বিজেপিলৈ কেতিয়াও নাযায় ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ

ছয়গাঁও– বিজেপিলৈ কেতিয়াও নাযায় ছয়গাঁৱৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ তেওঁ বিজেপিলৈ যাব বুলি ওলোৱা খবৰ একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰহে ৷ আজি ছয়গাঁৱৰ ৰাজীৱ ভৱনত সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰি বিধায়ক ৰেকিবুদ্দিনে কয় যে তেওঁ কোনো কাৰণতে বিজেপিলৈ নাযায় ৷ আজি কিছুদিনৰ পৰা একাংশ সংবাদ মাধ্যমত তেওঁ বিজেপিলৈ যাব বুলি বাতৰি ওলোৱা বিষয়টো লক্ষ্য কৰি আছো বুলি কৈ তেওঁ এয়া একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰ বুলিহে মন্তব্য কৰে ৷

সমষ্টি এটা চলোৱাৰ স্বাৰ্থত কেতিয়াবা চৰকাৰী কাৰ্যসূচীত চৰকাৰী বিষয়াৰ লগতে মন্ত্ৰীৰ লগত বহিবলগীয়া হোৱা কথাটো একো ডাঙৰ কথা নহয় বুলি কৈ তেওঁ সেয়া একো বিষয় নহয় বুলিও কয় ৷ ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে এক লাখ ভোট লাভ কৰি বিজয়ী হ’ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ সমষ্টি উন্নয়নৰ স্বাৰ্থত বিধান সভাত তেওঁ সদায়েই মাত মাতি যোৱাৰ কথা উনুকিয়াই কয় যে তেওঁ কেতিয়াও বিজেপিলৈ নাযায় আৰু এই ক্ষেত্ৰত কোনোদিনে নাভাবেও ৷

আনহাতে অজন্তা নেওগ বিজেপিলৈ যোৱাত তেওঁৰ ব্যক্তিগতভাৱে বহুত দুখ লাগিছে যদিও অজন্তা নেওগৰ বিজেপি গমনত কংগ্ৰেছৰ একো ক্ষতি নহয় বুলি প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁ অজন্তা নেওগৰ বিজেপি গমনৰ কথাটো প্ৰত্যাহাৰ কৰিবলৈ অজন্তা নেওগক পুনৰবাৰ অনুৰোধ জনাই ৷ তেওঁ পুনৰ কয় যে ৰাজনীতিত এনেদৰে দুই এজনৰ অহা যোৱা চলি থাকেই আৰু এই ক্ষেত্ৰত মূৰ ঘমাই একো লাভ নাই বুলিও তেওঁ কয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply