বিজেপিৰ অসমৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰবৈজয়ন্ত জয় পাণ্ডাৰ অসম ভ্ৰমণ

গুৱাহাটী– আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি হিচাবে বিজেপিৰ অসমৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা দুদিনীয়া কাৰ্যসূচীলৈ বুধবাৰে অসম ভ্ৰমণলৈ আহিছে। পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয়হি ৰাষ্ট্ৰীয় নেতাজন।

ইয়াৰ পিছতেই বিজেপি,অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত  ৰাজ্যিক বিষয়ববীয়া সভা দলৰ অংশগ্রহণ কৰে ৷

বিয়লী শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত  জিলা সভাপতি আৰু জিলা প্ৰভাৰীৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নেতাজন |

ইয়াৰ পিছতে শংকৰদেৱ কলাক্ষেত্ৰত মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদক, কোষৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ লগত দলীয় বৈঠকত অংশগ্ৰহণ কৰিব |

সন্ধিয়াৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত মুখপাত্ৰ, পেনেলিষ্ট,সংবাদ কোষ,সামাজিক মাধ্যম কোষ, তথ্য-প্ৰযুক্তি কোষৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰিব | মুখ্যমন্ত্ৰীৰ সৈতেও এক বৈঠকত মিলিত হ’ব ৷

কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত হ’ব লগা ভাৰতীয় জনতা পাৰ্টিৰ কৃষক সন্মিলনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক সভাপতি ৰণজিৎ দাস, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই অংশ লব | বিয়লী দুই বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত ভৱন প্ৰেক্ষাগৃহত  এক সংবাদ মেল সম্বোধন কৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply