বিজেপিৰ ওচৰত বিক্ৰী নোযোৱাৰ বাবেই অখিল গগৈ কাৰাবন্দী হৈ আছে : ভাস্ক’ ডি শইকীয়াই Credit: বিজেপিৰ ফালৰ পৰা অখিল গগৈলৈ বহু অফাৰ

গুৱাহাটী – কৃষক নেতা অখিল গগৈ কাৰাবন্দী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে অখিল গগৈৰ মুক্তিৰ দাবী জনাই আহিছে। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ত নাকচ হ’ল অখিল গগৈৰ জামিন আবেদন। অখিল গগৈ কাৰাবন্দী হৈ থকা সন্দৰ্ভত এইবাৰ ৰাইজৰ দলৰ বিস্ফোৰক অভিযোগ।

শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই এক সংবাদ মেল অনুষ্ঠিত কৰি কয় যে বিজেপি চৰকাৰৰ ওচৰত বিক্ৰী নোযোৱাৰ বাবাই অখিল গগৈ বর্তমানলৈকে কাৰাবন্দী হৈ আছে। ভাস্ক’ ডি শইকীয়াই লগতে কয় যে বিজেপিৰ ফালৰ পৰা অখিল গগৈলৈ বহু অফাৰ আহিছিল কিন্তু অখিল গগৈ বিক্ৰী নহ’ল। বিজেপি চৰকাৰৰ ওচৰত বিক্ৰী নোহোৱাৰ বাবে অখিক গগৈ ১৫ মাহে কাৰাবন্দী হৈ আছে।

ভাস্ক’ ডি শইকীয়াই বিস্ফোৰণ ঘটাই কয় যে কাৰাবন্দী কৃষক নেতা অখিল গগৈক কাৰাগাৰতে হত্যা কৰাৰ বাবে বহু সময়ত ষড়যন্ত্ৰ চলিছিল। অখিল গগৈ পুনৰ কাৰাগাৰৰ ভিতৰত হত্যাৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে বুলিও উল্লেখ কৰে ভাস্ক’ ডি শইকীয়াই। বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত নামাতিবলৈ আৰু “কা” আন্দোলনলৰ পৰা আঁতৰি থাকিবলৈ বিজেপিয়ে অখিল গগৈক অফাৰ দিছিল কিন্তু অখিল গগৈয়ে বিজেপিৰ অফাৰ গ্ৰহণ নকৰাৰ বাবেই অখিল আজিও জেলৰ ভিতৰত বুলি মন্তব্য কৰে ভাস্ক’ ডি শইকীয়াই।

আগন্তক নিৰ্বাচনত অখিল গগৈ কাৰাগাৰৰ ভিতৰৰ পৰাই শিৱসাগৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হব বুলিও উল্লেখ কৰে ভাস্ক’ ডি শইকীয়াই। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ মুক্তিৰ আশা নকৰি ৰাইজৰ দল অখিল গগৈ অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হব বুলিও জানিবলৈ দিয়ে ভাস্ক’ ডি শইকীয়াই।

বিজেপিক উৎখাত কৰাৰ বাবে অসমবাসী ৰাইজক একত্ৰিত হোৱাৰ বাবেও আহ্বান জনায় ৰাইজৰ দলৰ হৈ কাৰ্যকৰী সভাপতিগৰাকীয়ে৷ অসমবাসী ৰাইজে যদি “ক”ৰ বিৰোধিতা কৰে তেন্তে বিজেলিক এইবাৰ উৎখাত কৰিবলৈ অসমৰ ৰাইজ ওলাই আহিব লাগিব বুলিও ৰাইজক আহ্বান জনায় ভাস্ক’ ডি শইকীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply