যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

গুৱাহাটী – ‘বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান হত্যাযজ্ঞ। আদিবাসী লোকসকলো শান্তিত থাকিব পাৰিছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতি বিচাৰে, যিটো বিজেপিৰ দিনত সম্ভৱ হৈছে। বিজেপিৰ কাৰ্যকালত মুছলমানসকল অধিক সুৰক্ষিত অনুভৱ হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকা বাবে এজনো মুছলমান অত্যাচাৰিত, নিৰ্যাতিত হোৱা নাই, যিবোৰ অইন চৰকাৰৰ দিনত হৈছিল।’—এই বক্তব্য সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ।

বৰপেটাৰ চেঙা সমষ্টিৰ বিষ্ণুপুৰত বিজেপিৰ কিষাণ মৰ্চাৰ গোমাফুলবাৰী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ এইদৰে কয়। বিটিচিত বিজেপিৰে চৰকাৰ হ’ব বুলি কৈ তেওঁ কয় যে ২১খন আসন নাপালেও বিজেপিয়ে চৰকাৰ গঠন কৰিব বিটিচিত। বিটিচিত ৬খন আসন সংখ্যালঘু ভোটাৰৰ সহযোগত বিজেপিৰ দখললৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply