- সমষ্টি পুনৰ নিৰ্ধাৰণে বৰপেটা উদ্ধাৰত সহায় কৰিব নেকি বিজেপিক
- বিজেপিৰ গেমপ্লেনত সৰভোগ-নলবাৰী – বদৰুদ্দিনৰ সহায়ত বিজেপি উদ্ধাৰৰ গেমপ্লেন হিমন্তৰ
- বদৰুদ্দিনৰ সহায়ত বিজেপি উদ্ধাৰৰ গেমপ্লেন হিমন্তৰ
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক বিজেপিক ধৰি দিয়া টাৰ্গেট পূৰণ হোৱাত সহায় কৰিব অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই। এই টাৰ্গেট পূৰণৰ দিশে এঢাপ আগুৱাই ৩১ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বজালীকে ধৰি আন তিনিখন জিলাৰ ‘জিলা মৰ্যাদা’ বাতিলৰ কথা। এতিয়া বৰপেটাক লৈ নতুন অংক আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে। কাৰ্যতঃ সংকটত পৰিছে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক।
উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টি দখল কৰিছিল কংগ্ৰেছী আব্দুল খালেকে। সমগ্ৰ সমষ্টিটোৰ পৰা ৬ লাখ ৪৫ হাজাৰ ১৭৩ টা ভোট, অৰ্থাৎ ৪৪.২৩ শতাংশ ভোট লাভ কৰিছিল খালেকে। তাৰ বিপৰীতে মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ কুমাৰ দীপক দাসে লাভ কৰিছি ৩৪.৬১ শতাংশ ভোট, অৰ্থাৎ ৫ লাখ চাৰি হাজাৰ ভোট। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই সমষ্টিটোত ক্ৰমাৎ ভেটি শক্তিশালী কৰি অহা বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ২ লাখ ৪৮ হাজাৰ ভোট।
মনত ৰাখিব লাগিব, এই সমষ্টিটোৰ পৰাই ২০১৪ ৰ নিৰ্বাচনত অৰ্থাৎ সমগ্ৰ দেশতে মোদী ঢৌ চলি থকা সময়তে বদৰুদ্দিন আজমল ভাতৃ ছিৰাজুদ্দিন আজমলে চন্দ্ৰমোহন পাটোৱাৰীক ৪২ হাজাৰ ভোটত পৰাস্ত কৰি দিল্লীলৈ গৈছিল। এনে পৰিপ্ৰেক্ষিতত এআইইউডিএফ আৰু বিজেপি দুয়োটা দলেই বৰপেটা সমষ্টি পুনৰুদ্ধাৰ কৰাৰ বাবে প্ৰাণপণে চেষ্টা চলাব।
যাৰ বাবে লোকসভা নিৰ্বাচনৰ ডেৰটা বছৰৰ পূৰ্বেই বিজেপিয়ে যুদ্ধ আৰম্ভ কৰি দিছে বৰপেটাত। ইফালে বিজেপিৰ এই যুদ্ধ সহজ কৰি দিছে নিৰ্বাচন আয়োগে ঘোষণা কৰা সমষ্টি পুনৰ নিৰ্ধাৰণে। প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰক্ৰিয়াৰেই অংশ হিচাপে সৰভোগ আৰু বজালীক কোকৰাঝাৰৰ পৰা কাটি আনি অন্তৰ্ভুক্ত কৰোৱা হ’ব বৰপেটা সমষ্টিত। কেৱল সেয়াই নহয়
নলবাৰী আৰু সৰভোগ বিলুপ্তি হৈ সৃষ্টি হ’বলগীয়া বৰপেটা ৰোডকো অন্তৰ্ভুক্ত কৰা হ’ব বৰপেটাত। আনকি, বৰপেটা সমষ্টিতেই অন্তৰ্ভুক্ত হ’ব ভবানীপুৰ আৰু বৰমা সমষ্টিৰো এটা অংশ। এই চাৰিওটা সমষ্টিৰ প্ৰায় চাৰে তিনি লাখ হিন্দু ভোটাৰে ২০২৪ ৰ লোকসভা নিৰ্বাচনত উলট পালট কৰিব বিৰোধী তথা কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ সকলো অংক। কেৱল সমষ্টি পুনৰ নিৰ্ধাৰণেই নহয়, বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ বিপৰীত মেৰুত অৱস্থান কৰা স্থিতিও এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে আব্দুল খালেকৰ বাবে।
এসময়ত সমষ্টিটোৰ পৰা অৰ্ধেকাংশ ভোট নিজৰ দখলত ৰখা এআইইউডিএফে এই সমষ্টি পুনৰ উদ্ধাৰৰ চেষ্টা চলাব। তাৰ বাবে বদৰুদ্দিন পাৰ্টীৰ মুখ্য অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক। যদিহে কংগ্ৰেছৰ পৰা সদ্য নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে এআইইউডিএফত যোগ দি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে কংগ্ৰেছ আৰু এআইইউডিএফৰ মুছলমান ভোট বিভাজন হৈ আব্দুল খালেকৰ দিল্লী যাত্ৰাত ইতি পৰিব আৰু সমান্তৰালকৈ বিজেপিয়ে পুনৰ এই সমষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব। এতিয়া হেভীৱেইট খালেক আৰু শ্বেৰমানক ৰুধিবলৈ হিমন্ত বিশ্ব শৰ্মাই সৰভোগৰ বিধায়ক নে ধৰ্মপুৰৰ বিধায়কক প্ৰক্ষেপ কৰিব সেয়া হ’ব লক্ষণীয় বিষয়।