তামুলপুৰ– তামুলপুৰত পুনৰ উত্তাল প্ৰতিবাদ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। বিজেপিৰ নিৰ্বাচনী সভাৰ সমীপতে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী।
বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিচি দখল কৰাৰ বাবে উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল। বিশেষকৈ বিজেপিয়ে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচি পৰিষদীয় নিৰ্বাচনক ছেমি ফাইনেল হিচাপে গ্ৰহণ কৰি তীব্রতৰ কৰি তুলিছে বড়োভূমিত প্ৰচাৰ অভিযান।
বুধবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰীত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা মন্ত্ৰী পিযুষ হাজৰিকাক কলা পতাকা প্ৰদৰ্শন কৰে। বিটিচি এইবাৰ গেৰুৱা দলটোৱে নিজৰ দখললৈ আনিবলৈ দলটোৰ বিভিন্ন হাই প্ৰফাইল নেতাই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে যদিও প্ৰতিদিনে বিটিচিত এই হাইপ্ৰফাইল নেতা সকলে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছে।
বিশেষকৈ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন ছাত্ৰ সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। বুধবাৰেও তামুলপুৰ মহকুমাৰ গান্ধীবাৰীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মাত্ৰ ৫০ মিটাৰ দুৰত্বত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
প্ৰতিবাদকাৰীসকলে “কা” আমি নামানো, ই আই এ বাতিল কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি গ’ বেক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱালহুচিয়াৰ আদি ধ্বনিৰে গান্ধীবাৰী অঞ্চল উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে ভবিষ্যতে বিজেপিৰ যিকোনো নেতা আহিলে ইয়াতকৈ অধিক তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব বুলিও সকিয়াই দিয়ে।