গুৱাহাটী – উজনি অসমত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। আগন্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ হুংকাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে উজিন অসমৰ প্ৰান্তে প্রান্তে চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোক সকল। চাহ জনগোষ্ঠীৰ লোক সকলে তেওঁলোৰ সমস্যা সমূহৰ সমাধানৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলাই আছে যদিও সমাধান হোৱা নাই চাহ জনগোষ্ঠীৰ লোক সকলৰ সমস্যা। কংগ্ৰেছ চৰকাৰে চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধান কৰাত বিফল হোৱাত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ লোক সকল হাত এৰি পদুমৰ ফালে ঢাপলি মেলিছিল।

এতিয়া গেৰুৱা দলটোৱেও চাহ জনগোষ্ঠীৰ লোক সকলৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে চাহ জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে। বিজেপিৰ ওপৰত ক্ষোভিত হৈ এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ হুংকাৰ দিছে চাহ জনজাতি ছাত্ৰ সন্থাই। ঘৰে ঘৰে গৈ বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলি হুংকাৰ দিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই।

বুধবাৰে সমগ্ৰ উজনি অসমত চাহ জনজাতি ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি, চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান আৰু চাহ জনগোষ্ঠীৰ লোক সকলে বসবাস কৰি অহা ভূমিৰ পাট্টা প্ৰদানৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট জিলাৰ বোকাখাতত চাহ জনজাতি ছাত্ৰ সন্থাই এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গাৱেৰে ৰাজপথ উত্তাল কৰি তোলে। চাহ জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকর্তা সকল বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply