নগাঁও: শাসনাধীষ্ঠ বিজেপিয়ে ১০০+ আসন পাব বুলি যি প্ৰচাৰ চলাইছে সেইয়া বাস্তবত সম্ভব নহয় | কিন্তু বিভিন্ন বয়বস্তুৰ দামৰ ক্ষেত্ৰত সকলোতে ১০০+ অতিক্ৰম কৰিব | এই মন্তব্য বিধায়ক ৰকিবুল হুচেইনৰ | বিজেপিয়ে এইবাৰ ১০/১৫ খনতকৈ আগবাঢ়িব নোৱাৰে বুলি উল্লেখ কৰি প্ৰাক্তণ মন্ত্ৰী গৰাকীয়ে ক’য়
বিজেপি দল তথা চৰকাৰে শিৱসাগৰৰ জেৰেঙা পথাৰত আয়োজন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাখনত চাৰি লক্ষাধিক লোক সমবেত হ’ব বুলি ঘোষণা কৰিছিল যদিও সভাৰ দিনা মাত্ৰ ৫০ হেজাৰ লোকহে সমবেত হোৱা পৰিলক্ষিত হয় আৰু এই কথাত বিতুষ্ট হৈ বিজেপি দলৰ শীৰ্ষ নেতৃত্বই ইয়াৰ পিছদিনাই মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক দিল্লী লৈ তলব কৰাত চাৰ্টাড প্লেন লৈ দিল্লীত উপস্থিত হ’বলৈ বাধ্য হৈছিল। তদুপৰি কালিলৈ আকৌ প্ৰধান মন্ত্ৰী মোদী অসমলৈ অহাৰ বাবে মানুহ গোটোৱাৰ প্ৰতিযোগিতাত নামিছে সকলো |
ৰকিবুল হুচেইনৰ মন্তব্য “যিসময়ত মূল্যবৃদ্ধিৰ বাবে ৰাইজ কোঙা হৈ পৰিছে সেই আমাৰ নেতাসকলে ছাৰ্টাড বিমান ব্যবহাৰ কৰি আমাৰেই টেস্কৰ অপব্যবহাৰত নামিছে | চৰকাৰ থাকিলে কিবা পোৱাৰ আশাত কিছু মানুহ আহেই কিন্তু যেতিয়া নিৰ্বাচনী অধিসূচনা দিব তাৰ পিছতেই গম পাব কিমান মানুহ বিজেপিৰ সভালৈ যায়” |