গুৱাহাটী – ২০১৮ চনত বিহাৰৰ পৰা নিৰ্বাচন খেলৰ মন লৈ তেওঁ যোগদান কৰিছিল বিজেপি দলত। খোদ অমিত শ্বাহৰ সমূখতে যোগদান কৰিছিল বিজেপিত। মাত্ৰ দুটা বছৰতে মোহভঙ্গ হ’ল ৰাষ্ট্ৰীয় দলটোৰ প্ৰতি। এইবাৰ সেইটো ৰাষ্ট্ৰীয় দলৰে মিত্ৰ দল আঞ্চলিকতাবাদী অসম গণ পৰিষদত যোগদান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী তথা ভোজপুৰী কুইনখ্যাত কল্পনা পাটোৱাৰীয়ে। আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ উপস্থিতিত বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে অসম গণ পৰিষদত যোগদান কৰিলে।
তাৎপৰ্যপূৰ্ণভাৱে অগপত যোগদান কৰিয়েই কল্পনা পাটোৱাৰীয়ে লাভ কৰিলে দলৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব। কল্পনা পাটোৱাৰীৰ লগতে বহুকেইটা দলৰ কৰ্মীয়েও আনুষ্ঠানিক ভাবে অসম গণ পৰিষদত যোগদান কৰে।
Glad to welcome popular singer & artiste, Smt Kalpana Patowary to @agpofficial_, who joined our family today at Ambari. @BhojpuriQUEEN‘s voice has given life to our folk tunes across the globe. Her joining has enthused us all and I extend my best wishes for her journey ahead. pic.twitter.com/ewo0ITRkhk
— Atul Bora (@ATULBORA2) October 9, 2020
অগপত যোগদান কৰিয়ে সকলো মহিলাকে ৰাজনীতিত সক্ৰিয়ভাৱে যোগদান কৰিবলৈ আহ্বান জনাই কল্পনা পাটোৱাৰীয়ে কয় যে, “মই পলিটিক্স নকৰিবা বন্ধু বুলি নকওঁ,মই ক’ম পলিটিক্স কৰি যোৱা বন্ধু।”
উল্লেখযোগ্য যে যোগদান কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত,ফনীভূষণ চৌধুৰীৰ লগতে অগপৰ ভালে সংখ্যক শীৰ্ষ স্থানীয় নেতা উপস্থিত থাকে।
অগপত যোগদান “ভোজপুৰী কুইন” খ্যাত কল্পনা পাটোৱাৰীৰ।পদুম এৰি এইবাৰ হাতীৰ পিঠিত উঠিলে কল্পনা পাটোৱাৰী।সুকণ্ঠী গায়িকা কল্পনা পাটোৱাৰীয়ে বিজেপি দলক বিদায় জনাই আজি অসম গণ পৰিষদত যোগদান কৰিলে।
আমবাৰীত থকা দলটোৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়।কল্পনা পাটোৱাৰীয়ে বিজেপি এৰি অগপলৈ অহাৰ পাছত কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা এতিয়ালৈকে ৰাজহুৱা কৰা নাই।
উল্লেখযোগ্য যে, ২০১৮ চনত পাটনাত অমিত শ্বাহ আৰু বিহাৰৰ তেতিয়াৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল কল্পনা পাটোৱাৰীয়ে।