বিজেপি কৰ্মীৰ ফেচবুক একাউন্টৰ পৰা পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মূৰ্দাবাদৰ পোষ্ট

ৰূপহীহাট – বিজেপি কৰ্মীৰ ফেচবুক একাউন্টৰ পৰা পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মূৰ্দাবাদৰ পোষ্ট। ৰূপহীহাটৰ বিজেপি কৰ্মীৰ ফেচবুক একাউন্টৰ পৰা কৰা হৈছে এই বিতৰ্কিত পোষ্ট। বৰ্তমান ৰঙা ঘৰৰ আলহী এই বিতৰ্কিত পোষ্ট কৰা বিজেপি কৰ্মী।

মিজানুৰ ৰহমান নামৰ এজন লোকৰ ফেচবুক একাউন্টৰ আইডি আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰি মুকছিদুল মমিন নামৰ এজন বিজেপিৰ পালিনেতাই সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ আৰু হিন্দুস্থান মুৰ্দাবাদ পোষ্ট কৰাৰ পিছতে নগাঁও জিলাৰ ৰূপহীহাটত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

সামাজিক মাধ্যমত এই পোষ্ট ইতিমধ্যে ভাইৰেল হৈ পৰিছে। বিজেপিৰ কর্মীজনে শাসকীয় বিজেপি দলৰ একাংশ নেতা আৰু নেত্ৰী সন্দৰ্ভতো এটা অশ্লীল আৰু বিতৰ্কিত পোষ্ট কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভানেত্ৰী ছালমা জেছমিনকো গালি-শপনি পাৰিছে ফেচবুক পোষ্টত বিজেপিৰ কর্মীজনে

এই বিতৰ্কিত পোষ্ট সন্দৰ্ভত মিজানুৰ ৰহমান নামৰ লোকজনে ঘটনাৰ তদন্ত বিচাৰি ৰূপহীহাট আৰক্ষী থানাত মুকছিদুল মুমিনক অভিযুক্ত কৰি এক গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত বিজেপি কৰ্মী মুকছিদুল মুমিনক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তও অব্যাহত ৰাখিছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰূপহীহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply