নিউজ ডেস্ক: নিৰ্বাচনৰ দিন ওচৰচাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসে ৰাইজক মোহিত কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে | বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিছে এই দল সমূহে | অসম জাতীয় পৰিষদে শণিবাৰে দিয়া এক প্ৰেছ বিবৃতি মতে সকলো ক্ষেত্ৰতে ব্যৰ্থ হোৱাৰ অভিযোগ দাখিল কৰিছে | সোণোৱাল চৰকাৰৰ দিনত বন্ধ হৈ পৰা ৰাজ্যখনৰ বিদ্যালয় সমূহ অসম জাতীয় পৰিষদে পুনৰ খোলাৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছে দলটোৰ সাধাৰন সম্পাদক জগদীশ ভূঞাই |
অসমৰ গ্ৰাম্য অঞ্চলৰ বিদ্যালয় সমুহৰ হতাশজনক ছবি এখনহে পোহৰলৈ অহা বুলি কৈ শিক্ষকসকলে মৌলিক সুবিধা নোপোৱাৰ লগতে ছাত্ৰ ছাত্ৰীয়েও প্ৰকৃত সুবিধা নোপোৱাৰ কথা উল্লেখ কৰিছে | চৰকাৰ খনক অহংকাৰী বুলি কৈ এই চৰকাৰখনৰ বাবেই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে আধাতেই স্কুল সামৰিব লোৱাৰ কথা উল্লেখ কৰিছে |
চৰকাৰে অভিলেখ সংখ্যক শিক্ষক নিযুক্তি দিয়াৰ কথা যি উল্লেখ কৰিছে সেইবোৰ ফিতাহি মৰা কথা বুলিহে উল্লেখ কৰিছে অসম জাতীয় পৰিষদৰ সম্পাদকগৰাকীয়ে | শিক্ষকবোৰক টিউটৰ কৰা বুলিহে ক’ব খোজে | চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰা কাৰ্যৰ বাবে দেশখন পিছুৱাই যোৱাৰ লগতে ইয়াৰ প্ৰভাব বিদ্যালয়বোৰতো পৰিছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰ খনে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত ধ্বংস কৰাৰো অভিযোগ কৰে নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সম্পাদক গৰাকীয়ে |