তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

মৰিগাওঁ- তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু কেইটামান দিন । তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । ২৮ নং লুটুমাৰী সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী কৃষ্ণ হোকাইৰ হৈ প্ৰচাৰ চলায় নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ , কন্ঠশিল্পী বাবু বৰুৱাৰ লগতে ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসে।

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘তিৱা স্বায়ত্ব পৰিষদৰ ইতিহাস হ’ল সাধাৰণ ৰাইজৰ প্ৰতাৰণাৰ ইতিহাস।এই দুৰ্নীতিৰ ইতিহাসক কংগ্ৰেছে সলনি কৰিব বিচাৰিছে। কংগ্ৰেছত থাকোঁতে যিসকলে দুৰ্নীতি কৰিছিলে সেই সকল বিজেপিত আছে।’

বিজেপিক কটাক্ষ কৰি সাংসদ গৰাকীয়ে কয়, ‘বিজেপি দলটো হল থাইলেণ্ড মাগুৰ মাছৰ দৰে। সৰু সৰু জাতি জনগোষ্ঠীক গিলিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ অস্তিত্ব নাইকিয়া কৰিবলৈ বিচাৰিছে। ‘

তিৱা সকলৰ সৰ্বাঙ্গীন উন্নয়নৰ কাৰনে তিৱা স্বায়ত্ব পৰিষদখন কংগ্ৰেছে দখল কৰাটো খুব দৰকাৰ হৈ পৰিছে। এইয়া সময়ৰ আহ্বান বুলি উল্লেখ কৰে সাংসদ বৰদলৈয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply