গোসাইগাঁও – বিজেপি দলৰ লগত বিপিএফ দলৰ পাঁচ বছৰীয়া মিএতা আছে। বিপিএফ দলে মিত্ৰতাৰ ধৰ্ম বজাই চলিছে কিন্ত বিজেপি দলে বিপিএফ দলৰ লগত বিশ্বাসঘাট কৰিছে৷ বিজেপি আৰু বিপিএফ দলৰ মিত্ৰতা সন্দৰ্ভত বিপিএফ দলৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বিস্ফোৰক মন্তব্য।
শ্ৰীৰামপুৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী আব্দুল খালেক মণ্ডলৰ সপক্ষে সমষ্টিটোৰ খয়াৰঘটু গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে আৰু কয় যে বিজেপি দলে বিপিএফ দলৰ একো ক্ষতি সাধন কৰিব নোৱাৰে৷ বিটিচিৰ নিৰ্বাচনত বিজেপি দলে একো ভাল ফলাফল লাভ নকৰে৷ বিজেপি দলে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্য লৈ অভিযান চলাই আছে যদিও বিজেপি দলক বিটিচিৰ ৰাইজে গ্ৰহন নকৰে৷
ইউপিপিএল, জিএছপি দলেও বিটিচিত তিষ্ঠ নাথাকে নোৱাৰে বুলিও মন্তব্য কৰে মাজেন্দ্ৰ নাৰ্জাৰীয়ে। বিটিচিত বিপিএফ দলৰে চৰকাৰ হ’ব সেয়া খাটাং। জাতীয় সংগঠন সমুহেও বিপিএফ দলৰ পক্ষত আছে বুলিও জানিবলৈ দিয়ে মাজেন্দ্ৰ নাৰ্জাৰীয়ে। নিৰ্বাচনী সভাত বিপিএফ দলৰ কেন্দ্ৰীয় সদস্য আনোৱাৰ হুচেইন, যুৱ নেতা সেম মাৰাণ্ডী, বিপিএফ দলৰ বৰ্ষীয়ান নেতা মোন্নাফ আলী উপস্থিত থাকি ভাষন প্ৰদান কৰে৷