চিৰাং: চিৰাং জিলা সদৰ কাজলগাঁৱৰ আৰাইখুংগ্ৰী পাৰ্কত শণিবাৰে অনুষ্ঠিত হয় চিৰাং বিপিএফৰ ৫ম বাৰ্ষিক অধিৱেশন । পুৱা চিৰাং জিলা সমিতিৰ মূল সমিতি, মহিলা সমিতি আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰে শুভাৰম্ভ হয় অধিৱেশনৰ । ইয়াৰ পিছত শ্বহীদ বেদীত মাল‍্যাৰ্পন কৰে বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে।

চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই উদ্ধোধনী ভাষণ দিয়ে । উল্লেখ্য য়ে এই অধিৱেশনৰ প্ৰতিনিধি সভাতেই আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে ৰণনীতি আৰম্ভ কৰিব ।

কাজলগাঁৱৰ আৰাইখুংগ্ৰী পাৰ্কত চিৰাং বিপিএফৰ ৫ম বাৰ্ষিক অধিৱেশন

ভাষণ প্ৰসংগত বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য খাম্পা বৰগয়াৰীয়ে কয় যে “বিধান সভা নিৰ্ব্বাচনত বিজেপি মুক্ত অসম গঢ়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰা হব। বিজেপিয়ে মাথো বড়োসকলকে নহয় অসমৰ অন‍্যান‍্য সকলো জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব । গতিকে বিজেপি বিৰোধী শক্তিশালী স্থিতি লৈ আমি বিধান সভা নিৰ্ব্বাচনত নামিম আৰু বিটিচিৰ ১২ টা বিধান সভা সমষ্টি বিপিএফৰ দখলত ৰখাৰ চেষ্টা চলাম”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply