নিউজ ডেস্ক: বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ স্বার্থত ৰাজ্যৰ সকলো ‘কা’বিৰোধী আৰু বিজেপিবিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধভাৱে নির্বাচনত অৱতীর্ণ হোৱাৰ আকৌ আহ্বান জনাইছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ শণিবাৰে গুৱাহাটীত অনুষ্ঠিত ‘কা’বিৰোধী সমন্বয় সমিতিৰ ৰাজ্যিক অভিৱর্তনত সভাপতিত্ব কৰি ড০ গোহাঁয়ে কয় যে, তেওঁলোকে কেৱল আহ্বানহে জনাব পাৰে, পদক্ষেপ ৰাজনৈতিক দলসমূহেই ল’ব লাগিব৷
জনবলে বহু সময়ত ধনবল আৰু বাহুবলক পৰাস্ত কৰিব পাৰে৷ উল্লেখ্য যে জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আয়োজিত অভিৱর্তনত ঐক্যবদ্ধ ৰাজনৈতিক সংগ্রামৰ আহ্বান জনাই এক প্রস্তাৱ গ্রহণ কৰা হয়৷ উক্ত প্রস্তাৱত কোৱা হয়, ‘কা’বিৰোধী ৰাজনৈতিক সংগ্রামৰ অংশ হিচাপে আগন্তুক অসম বিধানসভা নির্বাচনতো সাম্প্রদায়িক বিজেপি আৰু তেওঁলোকৰ সহযোগী শক্তিসমূহক ক্ষমতাৰ পৰা অপসাৰণ কৰাটো অতিকৈ প্রয়োজন হৈ পৰিছে৷
ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ চুকে–কোণে প্রবল জনমত সৃষ্টি আৰু আন্দোলন সংগ্রাম তীব্র কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ প্রতিখন জিলা আৰু মহকুমাত অভিৱর্তন অনুষ্ঠিত কৰাৰ বাবেও প্রস্তাৱ গ্রহণ কৰা হয়৷ অভিৱর্তনে ‘কা’ সন্দর্ভত অসম চৰকাৰৰ স্থিতিক ধিক্কাৰ জনাই ‘কা’বিৰোধী আন্দোলনৰ সময়ত পাঁচজন নিৰীহ যুৱক পুলিচৰ গুলীত নিহত হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়৷ তদুপৰি শ্বহীদ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবীৰো প্রস্তাৱ গ্রহণ কৰা হয়৷
আজিৰ অভিৱর্তনত অংশগ্রহণ কৰা দল–সংগঠনসমূহে ‘কা’ বাতিল, বিসংগতিপূৰ্ণ নাগৰিকপঞ্জী প্রকাশ আৰু অখিল গগৈ, দেৱাংগনা কলিতাসহ ‘কা’বিৰোধী আন্দোলনত গ্রেপ্তাৰ হোৱা প্রতিগৰাকী কাৰাবন্দীক শীঘ্রে মুকলি কৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰে৷