বিজেপিয়ে বিটিআৰৰ অধীনৰ চাৰিখন জিলাৰ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি

গুৱাহাটী- মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে বাক্সাৰ নিমুৱাত অনুষ্ঠিত বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰি বিটিচি নির্বাচনত ভাৰতীয় জনতা পার্টি প্রার্থীসকলক বিটিচিৰ সৰ্বাংগীন উন্নয়ন তথা পৰিৱৰ্তনৰ স্বাৰ্থত বিপুল ভােটদানেৰে জয়যুক্ত কৰাৰ আহ্বান জানায়।

নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে বিটিআৰবাসী জনসাধাৰণ ৰাজনৈতিকভাবে যথেষ্ট সজাগ আৰু সচেতন বুলি কয়। ভাৰতীয় জনতা পার্টীয়ে বিটিআৰৰ অধীনৰ চাৰিখন জিলাৰ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতিৰে এইবাৰৰ নির্বাচনত পােন প্ৰথমবাৰৰ বাৰে অৱতীৰ্ণ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় ‘যােৱা ১৭ বছৰে যি অপশাসন আৰু দুর্নীতি হ’ল তাৰ পৰা পৰিত্ৰাণ বিচাৰি বিটিআৰৰ জনসাধাৰণে বিজেপিৰ চৰকাৰ মনে প্রাণে বিচাৰিছে। বিজেপি চৰকাৰ হ’লেহে এই অঞ্চলৰ ৰাইজৰ উন্নয়ন হ’ব। বিজেপি চৰকাৰ হ’লেহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিৰ পুঁজি শতকৰা ১০০ শতাংশ ভালদৰে ব্যৱহৃত হ’ব’।

যােৱা দিন বােৰত বিটিআৰৰ জনসাধাৰণে যথেষ্ট ভয় আৰু শংকাত জীৱন কটাবলগীয়া হৈছে। এই অশান্তিৰ দিন নাইকিয়া কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰ নিতান্তই প্রয়ােজনীয় বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য় কৰে।

২০১৪ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণে চৰকাৰী বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিছে বুলি উল্লেখ কৰি অপশাসন আৰু দুর্নীতি নির্মলেৰে সমগ্র দেশতে চৰকাৰখনে আমূল পৰিৱৰ্তনৰ সূচনা কৰিব পাৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কংগ্ৰেছৰ কাৰ্যকালত বাছি বাছি মানুহক সুবিধা প্রদান কৰা হৈছিল। কংগ্ৰেছৰ সদস্য হ’লেহে ৰাইজে আঁচনিৰ সুফল লাভ কৰিব পাৰিছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সার্বজনীন দৃষ্টিভংগীৰে আঁচনিসমুহৰ সুবিধা দল-মত, আদর্শ নির্বিশেষে সকলােকে সমানে প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বৰাক ব্ৰহ্মপুত্র, পাহাৰ-ভৈয়ামত বসবাস কৰা ৰাজ্যখনৰ সকলাে শ্ৰেণীৰ জনসাধাৰণৰ সম-উন্নয়ন আৰু সম-বিকাশৰ বাবে নিষ্ঠা সহকাৰে পদক্ষেপ লৈছে। ইয়াত কোনাে ধৰণৰ বৈষম্যনীতি চৰকাৰে কেতিয়াও গ্ৰহণ কৰা নাই।

বিগত ১৫ বছৰত বিপিএফৰ কার্যকালত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ ধন বিটিআৰবাসীয়ে সমভাৱে লাভ কৰাৰ দিশত বঞ্চিত হৈছে বুলিও ৰাইজে অভিযােগ তুলিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা পুঁজিৰ সদব্যৱহাৰ হােৱাহেঁতেন বিটিআৰৰ অধীনৰ চাৰিখন জিলাৰ উন্নয়নে বিশেষ গতি লাভ কৰিলেহেঁতেন বুলিও মুখ্যমন্ত্ৰীয়ে আক্ষেপ প্রকাশ কৰে। সেয়েহে এই অপশাসনৰ অৱসান ঘটাই বিটিআৰত সুশাসন প্রতিষ্ঠাৰে পৰিবৰ্তনৰ সুচনা কৰিবলৈ বিজেপি দলৰ প্ৰাৰ্থীসকলক ভােটদানেৰে জয়যুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

বিজেপি চৰকাৰ গঠন হলে বিটিআৰৰ চাৰিখন জিলাক নতুন ৰূপত সজাই জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব লগতে ভাৰতবৰ্ষৰ অন্যতম উন্নত জিলা হিচাপে গঢ়ি তােলাৰ পদক্ষেপ লােৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। নিবনুৱা যুৱক-যুৱতীসকলৰ যাতে কর্ম সংস্থাপনৰ পথ প্রশস্ত হয় তাৰ বাৰে চাৰিওঁখন জিলাৰ প্রতিটো প্রান্ততে দক্ষতা বিকাশ কেন্দ্র গঢ়ি তােলা। হ’ব।

দুর্নীতিমুক্ত অসম গঢ়াৰ বাবে বিগত চাৰে চাৰি বছৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যেনেধৰণৰ মানসিকতাৰে কাম কৰি আহিছে ঠিক তেনেধৰণে বিটিআৰটো দুর্নীতিমুক্ত বিটিআৰ গঠনৰ দিশত চৰকাৰখনে দৃঢ়তাৰে পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। দুর্নীতিমুক্ত বিটিআৰ, উন্নয়নৰ বিটিআৰ আৰু ৰূপান্তৰৰ বিটিআৰ গঠনৰ বাবে বিজেপিৰ প্ৰাৰ্থীসকলক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সংকল্পবদ্ধ হ’বলৈও মুখ্যমন্ত্ৰীয়ে সকলাে শ্ৰেণীৰ জনসাধাৰণক আহ্বান জানায়।

এই সভাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ লগত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক সমিতিৰ কার্যনির্বাহকৰ সদস্য মনদ্বীপ ডেকা, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাস, বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্র নাথ দাস, বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীকে ধৰি দলৰ বিষয়ববীয়াসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply