গুৱাহাটী– বিটিআৰত বিজেপি চৰকাৰ হলে বিটিআৰবাসী জনসাধাৰণৰ স্বাৰ্থত নিৰৱচ্ছিন্নভাবে কাম কৰি যাব বিজেপিয়ে। ওদালগুৰিৰ মাজবাটৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য় কৰে।
বিটিআৰৰ কৃষকসকলত উদ্দ্য়েশি মুখ্য়মন্ত্ৰী গৰাকীয়ে কয়, ‘বিটিআৰ অঞ্চলৰ মহিলা আত্মসহায়ক গােটসমূহক এককালীন ৫০ হাজাৰ টকাৰ ৰাজসাহায্য আগবঢ়োৱা হ’ব। মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যােজনাৰ অধীনত বিটিআৰ অঞ্চলৰ প্ৰতিগৰাকী কৃষকলৈ কৃষিৰ সা-সঁজুলি ক্ৰয়ৰ বাবে এককালীন ৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব। বিটিআৰ অঞ্চলৰ প্ৰতিখন গাবলৈ একোখনকৈ ট্রেক্টৰ প্ৰদান কৰা হ’ব।’
‘বিপিএফৰ দীর্ঘদিনীয়া কার্যকালত বিটিআৰৰ জনসাধাৰণে প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছিল। বিপিএফ চৰকাৰৰ দুর্নীতি আৰু ভ্ৰষ্টাচাৰৰ ফলশ্ৰুতিত জনসাধাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা আঁচনিসমূহৰ সুফল লাভ কৰিবলৈ সক্ষম নহল। বৰঞ্চ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ধন বিটিচি চৰকাৰে আত্মসাৎ কৰিলে। সেয়েহে বিটিআৰবাসী জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিক আন্তৰিকতাৰে আদৰি লৈছে’।
প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্র দেশৰ জনসাধাৰণে বিভিন্ন আঁচনিৰ সুফল ১০০ শতাংশই লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বিটিচি অঞ্চলত বিপিএফ চৰকাৰৰ অপশাসনৰ ফলশ্ৰুতিত ৰাইজে বহু সুবিধা লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে আক্ষেপ প্রকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে বিটিআৰ অঞ্চলৰ সকলাে শ্ৰেণীৰ জনসাধাৰণক আস্থাত লৈ উন্নয়নৰ দিশত এক নতুন মাত্রা প্রদান কৰিব বুলি দোহাৰে। আদিবাসী জনগােষ্ঠীৰ বাবে কোনাে কাম কৰা নাই বুলি বিজেপিৰ বিৰুদ্ধে একাংশ দুষ্ট চক্রই অপপ্ৰচাৰত লিপ্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বীৰচা মুণ্ডাৰ আদৰ্শৰে এই জনগােষ্ঠীটোৰ উন্নয়নৰ দিশত দায়বদ্ধতাৰে কৰ্মত অগ্ৰসৰ হৈছে বুলি মন্তব্য় কৰে।
বিজেপি চৰকাৰে লােৱা উন্নয়নী পদক্ষেপ ভীতিগ্রস্ত হৈ অন্যান্য ৰাজনীতিক দলসমূহে অপপ্রচাৰত লিপ্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক এইবােৰলৈ ভ্রুক্ষেপ নকৰি বিজেপি প্রার্থীসকলক আঁকোৱালি লৈ জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়।
বিটিআৰত বিজেপি চৰকাৰ হ’লে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সকলাে কল্যাণকামী আঁচনিৰ সুফল জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হ’ব আৰু বিটিআৰত বসবাস কৰা সকলাে জাতি-জনগােষ্ঠীৰ লােকে শান্তিপূর্ণভাবে বসবাস কৰি উন্নয়নৰ দিশত এক বিশেষ গতি লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।
এই নির্বাচনী সভাত মঙলদৈ লােকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পার্টি ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক দিলীপ শইকীয়া, শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, তেজপুৰ লােকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক পল্লৱ লােচন দাস, ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য দিগন্ত কলিতা, অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ ছৈয়দ মমিনুল আৱাল প্রমুখ্যে দলীয় কর্মকতাসকল উপস্থিত থাকে।
উল্লেখ্য় যে শনিবাৰে ওদালগুৰি আৰু বাক্সা জিলাত বিজেপি প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।