চিৰাং – চিৰাং জিলাৰ কাজলগাঁও উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী উপলক্ষে সাংস্কৃতিক সোভাযাত্ৰা আৰু প্ৰদৰ্শনী অনুষ্ঠান। বিটিআৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰে যৌথভাৱে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ মনোনিত সদস্য মাধৱ ছেত্ৰী। সোভাযাত্ৰাৰ শুভাৰম্ভৰ পুৰ্বে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে বিটিআৰত থকা ২৩ টা জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্বৰ অন্যান্য উন্নত জাতি জনগোষ্ঠীত কৈ কোনো গুণে কম নহয়। গতিকে আমি যে সকলো এক আৰু সমান তাকেই এই সাংস্কৃতিক কাৰ্যসূচীৰ জড়িয়তে বুজাবলৈ চেষ্টা কৰিছোঁ।

ৰঞ্জিত বসুমতাৰীয়ে কয় যে বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে। বিপিএফে জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টিৰে বড়ো-অবড়োৰ সৃষ্টী কৰিছিল। গতিকে প্ৰমোদ বড়োৰ নেতৃত্বত আমি বড়ো-অবড়োৰ বিভাজন আতৰাবলৈ সক্ষম হৈছো। আমি সকলো জাতি -জনগোষ্ঠীক সম অধিকাৰ আৰু সম মৰ্যাদাৰে আগুৱাই যোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে।

বিগত সময়ত বিটিচিত ৩ হেজাৰ কোটিতকৈও অধিক টকাৰ দুৰ্নীতি সংঘটিত হৈছে। কিছুদিনৰ ভিতৰতে সকলো পৰিষ্কাৰ হৈ উঠিব। আমি এতিয়াও ঠন ধৰি উঠিব পৰা নাই। অহা ২৮ জানুৱাৰীত বাকি থকা কাৰ্যবাহী সদস্যৰ পদ সমুহ পুৰণ কৰা হ’ব। তাৰ পিচতে সকলো দিৰ্নীতি পুঙ্খানুপুঙ্খভাৱে ৰাজহুৱা কৰা হ’ব বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে।

ৰঞ্জিত বসুমতাৰীয়ে আৰু কয় যে মই দায়িত্ব লাভ কৰা বন বিভাগতে ১৪২ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে যত দুৰ্নীতিৰ কোনো কথাই নাছিল। বড়ো আৰু অসমীয়া লোক দুৰ্নীতি পৰায়ণ নহয় কিন্ত বিগত সময়ছোৱাত বিপিএফে দুৰ্নীতি কৰিবলৈ বাধ্য কৰোৱা বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কাজলগাঁৱৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি জিলা উপায়ুক্ত কাৰ্যালয়হৈ পুনৰ ষ্টেডিয়ামত উপস্থিত হয়।ষ্টেডিয়ামত বিভিন্ন সাংস্কৃতিক দলৰ শিল্পী সকলে নৃত্য-গীত তথা সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। সাংস্কৃতিক কাৰ্যসূচীত বিটিচিৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী বিষয়া যুগান্ত বায়নসহ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply