বিটিচি নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী– বড়ো স্বায়ত্বশাসিত পৰিষদৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ শেষৰ দিনা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য়িক সভাপতি ৰণজিৎ কুমাৰ দাসে চেৰফাংগুৰি বজাৰত বি জে পিৰ নিৰ্বাচনী প্ৰচাৰৰ সফল সামৰণি মাৰে ।

মঙলবাৰে আবেলি দতমা সমষ্টিৰ চেৰফাংগুৰি বজাৰত উপস্থিত হৈ সভাপতি ৰণজিৎ কুমাৰ দাসে পৰিষদীয় ৰাইজৰ বৃহত্তৰ স্বাৰ্থত বি জে পিৰ হৈ ভোটদান কৰিবৰ কাৰণে বি টি আৰবাসী ৰাইজলৈ বিনম্ৰ আহ্বান জনায় ।

লগতে তেওঁ বিটিআৰবাসী ৰাইজক উল্লেখ কৰি কয়, ‘বি টি আৰত পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিকল্প নাই । বিজেপিৰ প্ৰতি ৰাইজৰ অপাৰ আগ্ৰহ আৰু হিল-দল ভঙা মৰমে আগতীয়াকৈ আগজাননী দিছে যে এইবাৰ বি টি আৰত বিজেপিৰ চৰকাৰ নিশ্চিত আৰু দীৰ্ঘদিনীয়া শ্বাসৰুদ্ধ পৰিৱেশক ৰাইজে বিদায় দিবলৈ সিদ্ধান্ত লৈছে।’

উল্লেখ্য় যে, এই নিৰ্বাচনী প্ৰচাৰত ৰণজিৎ কুমাৰ দাসক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছা ,বিধায়ক অশোক সিংঘালৰ লগতে দলৰ কাৰ্যকৰ্তা সকলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply