বৰপেটাৰ – বুধবাৰৰ পৰা বিটিচিত এআইইউডিএফে আৰম্ভ কৰিব প্ৰচাৰ অভিযান৷ হেলিকেপ্টাৰ লৈ ৰিপুণ বৰাৰ সৈতে বদৰুদ্দিন আজমলে বিটিচিত চলাব প্ৰচাৰ৷ যোৱাবাৰ ৪ খন আসনত বিজয়ী হোৱা এআইইউডিএফে এইবাৰৰ নিৰ্বাচনত ৬ খন আসন লাভ কৰিব বুলিও আত্মবিশ্বাসী এআইইউডিএফ। বিজেপিৰ সৈতে মিত্ৰতাত থকা বিপিএফ দলৰ সৈতে এআইইউডিএফে নকৰে কোনো মিত্ৰতা৷

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। বড়োভূমি দখলৰ উদ্দেশ্যে বিপিএফ, ইউপিপিএল আৰু বিজেপিয়ে প্ৰচাৰ অভিযান তীব্রতৰ কৰি ৰখাৰ মাজতে এইবাৰ নিৰ্বাচনী যুঁজৰ বাবে যৌথভাৱে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ আৰু এআইইউডিএফ দলে। বুধবাৰৰ পৰা বিটিচিত যৌথভাৱে প্ৰচাৰ অভিযান চলাব কংগ্ৰেছ আৰু এআইইউডিএফ দলে। হেলিকেপ্টাৰ লৈ ৰিপুণ বৰাৰ সৈতে বদৰুদ্দিন আজমলে বিটিচিত চলাব প্ৰচাৰ অভিযান।

এআইইউডিএফ নেতা আমিনুল ইছলামে বিটিচিত কংগ্ৰেছ আৰু এআইইউডিএফ দলে যৌথভাৱে প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়াৰ লগতে বিপিএফ আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে। আমিনুল ইছলামে কয় যে বিজেপিৰ সৈতে মিত্ৰতাত থকা বিপিএফ দলৰ সৈতে এআইইউডিএফে কোনো ধৰণৰ মিত্ৰতা নকৰে। বিজেপিয়ে বিটিচিত নাটক কৰি থকা বুলিও মন্তব্য কৰে আমিনুল ইছলামৰ৷ হাগ্ৰামা মহিলাৰীক সৰ্বানন্দ সোণোৱালে আৰু ইউপিপিএলক হিমন্ত বিশ্ব শৰ্মাই বেক কৰি থকা বুলি মন্তব্য কৰি বিজেপিয়ে বিটিচিত নাটক চলাই থকা বুলিও সদৰি কৰে এআইইউডিএফৰ নেতা গৰাকীয়ে।

বৰপেটাৰ জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা বেতবাৰীত সোমবাৰে অনুষ্ঠিত হয় এআইইউডিএফ দলৰ এখন কৰ্মীসভা৷ পশ্চিম পাকাগাঁও পঞ্চায়ত সমিতিৰ উদ্যোগত অনুষ্ঠিত হেৱা কৰ্মীসভাখনত অংশগ্ৰহন কৰে বিপুলসংখ্যক এআইইউডিএফ কৰ্মী আৰু সমৰ্থক সকলে৷ উক্ত সভাখনতেই কংগ্ৰেছ, চিপিআইএমৰ লগতে সমষ্টিটোৰ প্ৰায় হাজাৰোধিক লোকে যোগদান কৰে এআইইউডিএফত৷ লক্ষ্যনীয়ভাৱে ২০২১ ৰ সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁট বন্ধনক লৈ দল দুটা খুবেই উৎসাহী হৈ আছে যদিও এতিয়া কংগ্ৰেছৰ বৰঘৰতে এআইইউডিএফে মাৰিছে টোকৰ৷

বিশেষকৈ কংগ্ৰেছৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিটো হেনো এইবাৰ লাগিবই এআইইউডিএফক৷ কৰ্মীসভাখনত অংশগ্ৰহন কৰি দলটোৰ নেতা আমিনুল ইছলামে কয় যে কংগ্ৰেছে এৰাধৰা কৰিব লাগিব৷ আনহাতে কংগ্ৰেছৰ চিটিং গেটিং ফৰ্মূলাকো নামানে এআইইউডিএফে৷ আমিনুল ইছলামৰ দাবী যাৰ য’ত গণভিত্তি আছে তাত তেওলোকে আসন পাব লাগিব৷ আনহাতে সৰুক্ষেত্ৰীৰ এআইইউডিএফৰ সবল প্ৰাৰ্থীত্বপ্ৰত্যাশী মীনাক্ষী ৰহমানৰো দাবী ২০২১ ত সৰুক্ষেত্ৰীৰ পৰা অবতীৰ্ণ হ’ব নিৰ্বাচনত৷

ইফালে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে ২০২১ ৰ বিধানসভা নিৰ্বাচনত ৭ জন সংখ্যালঘু বিধায়ক নিৰ্বাচিত কৰি নিব বুলি যি দাবী কৰি আহিছে তাক এআইইউডিএফ নেতা আমিনুল ইছলামে ‘মুংগেৰীলাল কী হাছিন স্বপ্নে’ বুলি অভিহিত কৰিছে৷ বিজেপিৰ নিৰ্বাচিত ২৭২ গৰাকী সাংসদৰ ভিতৰত য’ত এজনো মুছলমান সাংসদ নাই তেনেক্ষেত্ৰত অসমত ৭ জন মুছলমান বিধায়ক জয়ী কৰিব বুলি কৰা দাবীক ‘মুংগেৰীলালৰ সপোন’ বুলি অভিহিত কৰে এআইইউডিএফ নেতা গৰাকীয়ে৷ আনকি ৰাজ্যৰ প্ৰথম মুছলমান বিহীন কেবিনেট গঠন কৰা বিজেপিৰ কাম কাজ সংখ্যালঘু ৰাইজে চাই আছে আৰু সোনাইৰ বিধায়ক আমিনুল ইছলাম লস্কৰক জিকিবনে নাই তাকলৈহে সন্দেহ ব্যক্ত কৰে এআইইউডিএফ নেতা গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply