তামুলপুৰ- ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ দল ত্যাগৰ পাছতে বিপিএফ দল ত্যাগ কৰাৰ সিদ্ধান্ত ল’লে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।
সাংসদ বিশ্বজিৎ দৈমাৰীয়ে BTR চুক্তি ৰূপায়ণত BPFয়ে বাধা দিছে বুলি দলটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা পাছতে এইবাৰ পুনৰ তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিটিচিত সকলো দিশতে চৰকাৰী উন্নয়নৰ পৰা পিছ পৰি আছে বুলি দলটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।
ইমানুৱেল মুছাহাৰীয়ে কয়, ‘বি পি এফে যিদৰে আগবাঢ়িব লাগিছিল সেইদৰে আগবাঢ়িব নোৱাৰিলে ।প্ৰথম ছয় বছৰ ঠিকেই চলিছিল। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ যিবোৰ আঁচনি আছে আমাৰ দুখীয়া মানুহ সকলে বিনামূলীয়া চাউল লাভ কৰিব লাগে ,শিক্ষাৰ অধিকাৰ পাব লাগে সেইবোৰ আজিলৈকে পোৱা নাই। সময়ৰ লগত বিপিএফে খাপ খাই চলিব নোৱাৰিলে। ‘
লগতে বিটিচি ভূমিপট্টাৰ সন্দৰ্ভত মুছাহাৰীয়ে কয় ,’দলৰ শীৰ্ষ নেতা সকলেও ১০ -১৫ বছৰ শাসন কৰি নতুনত্ব একো আনিবলৈ নোৱাৰিলে।সমগ্ৰ ৰাজ্যতে এক লাখ গৃহহীন লোকক ভূমি পট্টা প্ৰদান কৰা হ’ল কিন্তু বিটিচিত ভূমিহীন এটা পৰিয়ালকো ভূমি পট্টা দিব পৰা নাই ।উপযুক্ত লোকক ভূমিপট্টা প্ৰদান দিবলৈ সক্ষম ন’হল।’
বিপিএফ দলে বিটিচি উন্নয়নৰ ভূমিকাক আঙুলিয়াই এইদৰে বি পি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী। অৱশেষত দল ত্যাগৰ সিদ্ধান্ত ল’লে বিধায়ক গৰাকীয়ে।