বিটিচিত হাগ্ৰামাৰাজৰ অন্ত

গুৱাহাটী- ৰাজনৈতিক চক্ৰবেহুত পৰিল ১৭ বছৰ ধৰি বিটিচিৰ শাসনত থকা হাগ্ৰামা মহিলাৰী। মিত্ৰতাৰ নামত বিগত ৫ বছৰৰ ৰাজনৈতিক অপৰিপক্কতাৰ ফল ভুগিব লগা হ’ল হাগ্ৰামা ৷ ইয়াৰ মাজতে তীব্ৰ প্ৰত্যাহবান আৰু প্ৰতিষ্ঠান বিৰোধী বতাহৰ মাজত অকলে যুঁজি আগুৱাই সন্মানজনক এক অৱস্থাৰে বিপিএফক ১৭ খন আসনেৰে সংখ্যাগৰিষ্ঠ দল হিচাবে উপনীত কৰাত সফল হ’ল।

আনহাতে ছাত্ৰ নেতাৰ পৰা সক্ৰিয় ৰাজনীতিলৈ আহি প্ৰথম পদক্ষেপতে প্ৰমোদ বড়োৱে বড়োভূমিৰ ৰাজনীতিত নতুন নায়ক ৰূপে প্ৰতিস্থা কৰিব পাৰিলে ৷ এতিয়া পৰৱৰ্তী দিনত বিটিচি ৰ পৰা( বি টি আৰ) প্ৰমোদ বড়ো কিমান সফল হয় সেয়া হ’ব তেওঁৰ ৰাজনৈতিক পৰীক্ষা। ১২ খন আসনেৰে ইউপিপিএল দলৰ এইবাৰৰ নিৰ্বাচনত দেখুওঁৱা সফলতাই বিটিআৰৰ বাবে নতুন শক্তি হিচাবে পৰিগণিত হয় |

প্ৰথমবাৰৰ বাবে একক ভাবে বিটিচিত নিৰ্বাচন খেলা বিজেপিয়ে বহু কেইটা সমষ্টিত জিকা -হৰাৰ ফেক্টৰ হৈ দুয়োটা আঞ্চলিক শক্তিক পৰিষদ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ দিয়াত দূৰত ৰাখিবলৈ সক্ষম হয় ৷ ৯ খন আসন দখলেৰে এইবাৰ বিজেপি পৰিষদ গঠনত মূল দল হৈ থকাৰ কুটনীতিত সফল হোৱা দেখা গ’ল |

মাত্ৰ এখন আসনতে সীমাবদ্ধ থকা বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰশক্তি যে দিশহীন আৰু গণবিচ্ছিন্ন তাক পুনৰ প্ৰমান কৰিলে। মূলত অনা বড়োৰ মাজত জনপ্ৰিয় দুবাৰকৈ কোকৰাঝাৰৰ পৰা সাংসদ হোৱা নৱ শৰণীয়াৰ দল গণ সুৰক্ষা পাৰ্টিক বিটিআৰ পৰিষদৰ বাবে ৰাইজে প্ৰত্যাখান কৰে। মাত্ৰ এখন আসনতে সীমাবদ্ধ থকা দলটোৱে নিৰ্বাচনৰ ফলাফলৰ পিছতেই বিজেপি আৰু ইউপিপিএলৰ সৈতে মিত্ৰতা কৰাৰ বাবে আগবাঢ়ি আহে।

কাইলৈ নতুন মুখ্য কাৰ্যবাহী ৰূপে শপত ল’বলৈ সাজু হোৱা প্ৰমোদ বড়োৱে তেওঁৰ সমৰ্থনত থকা নৱ নিৰ্বাচিত পাৰিষদসকলক গুৱাহাটীৰ হোটেলত নজৰবন্দী কৰি ৰখা বিষয়টোৱে হাগ্ৰামা মহিলাৰীৰ শক্তিক লৈ এতিয়াও শংকিত হৈ থকাৰে উমান দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply