কোকৰাঝাৰ:- প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি পৰিষদত শুকুৰবাৰে বাজেট দাখিল কৰে | মুঠ ১৮০০ কোটি টকাৰ বাজেট দাখিল কৰে ইউ পি পিএল ,বিজেপি, জি এছ পি ৰ মিত্ৰ দলৰ চৰকাৰে | বিৰোধী শূণ্য সদনত বাজেট কোনো ধৰণৰ আলোচনাৰ অবিহনেই গৃহীত হয় | সদনত আজি কাৰ্যবাহী সদস্য বৃদ্ধিৰো এক প্ৰস্তাব পাছ কৰে | নতুন বাজেটে শিক্ষা, স্বাস্থ্য, আন্তগাথনি নিৰ্মাণত বিশেষভাবে গুৰুত্ব দিব |
বাজেট দাখিল কৰি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় , ‘ বি পি এফে ৰাইজৰ সেৱাৰ বাবে নহয় পাৱাৰৰ বাবেহে ৰাজনীতি কৰিছে | আজি পাৱাৰত নাই বাবে সদনলৈ অহা নাই | বিটিআৰৰ ৩৫ লাখ ৰাইজৰ প্ৰতি তেওলোকৰ দায়িত্ব নাই |’
হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ কথা উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, “২৩০০ কোটি টকাৰ বোজা বিটিআৰ বাসীক দি গৈছে হাগ্ৰামা মহিলাৰীৰ শাসন কালত | হাগ্ৰামাৰ প্ৰত্যক্ষ দায়িত্বত থকা চিডি শিতানত ৩৫০ কোটি আৰু গড়কাপ্টানী বিভাগত প্ৰায় ১০০০ কোটি টকাৰ খেলিমেলি লগাই গৈছে | ইয়াৰ তদন্ত কৰিব |”

কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মৰ কথা উল্লেখ কৰি প্ৰমোদ বড়োৱে কয়, গুৰুত্বপূৰ্ণ বাজেট অধিবেশনৰ দিনা মন্ত্ৰী গৰাকীয়ে বিপিএফৰ সদস্য সকলক লৈ পিকনিকৰ আয়োজন কৰিছে | গণতান্ত্ৰিক ব্যবস্থাৰ সৈতে জড়িত ব্যক্তিৰ এনে কাৰ্য দূৰ্ভাগ্যজনক |
মুখ্য কাৰ্যনিবাহক সদস্য প্ৰমোদ বড়োৱে বিপিএফৰ সহযোগিতা নহলেও ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে |