কোকৰাঝাৰ– কোকৰাঝাৰৰ বড়োফা খেলপথাৰত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে শপত ললে প্ৰমোদ বড়োৱে। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পাঠ কৰোৱালে শপত বাক্য। উপ মুখ্য কাৰ্যবাহী ৰূপে শপত ললে ইউপিপিএল ৰ গোবিন্দ বসুমতাৰীয়ে।
বড়ো ভাষাতে শপত বাক্য পাঠ কৰিলে প্ৰমোদ বড়োৱে। উপ–মুখ্য কাৰ্যবাহী সদস্য হিচাপে গোবিন্দ বসুমতাৰীয়ে অসমীয়াত শপত বাক্য পাঠ কৰে। কাৰ্যবাহী সদস্য হিচাপে শপত লয় বিজেপিৰ গৌতম দাস, দিগন্ত বৰুৱা আৰু জিএছপিৰ ঘনশ্যাম দাসে।
শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু ভুবনেশ্বৰ কলিতা উপস্থিত থাকে |