গুৱাহাটী – বিটিচি নিৰ্বাচনত বিজেপি দলক সমৰ্থন জনাব কোচ ৰাজবংশী জাতীয় মহাসভাই। বিজেপি দলৰ ১৭ টা আৰু ইউপিপিএল দলৰ ৭ টা পৰিষদীয় সমষ্টিত কোচ ৰাজবংশী জাতীয় মহাসভাৰ মুক্ত সমৰ্থন থাকিব বুলি ঘোষণা কৰিলে বিশ্বজিৎ ৰয়ে।

বিটিচি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাজত কেইটামান দিন বাকী থকাৰ মাজতে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰয়ে ঘোষণা কৰিলে বিজেপি আৰু ইউপিপিএল দলক সমৰ্থনৰ ইংগিত। শুকুৰবাৰে গুৱাহাটীত এক সংবাদ মেল অনুষ্ঠিত কৰি কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰয়ে কয় যে বিজেপি দলে বিটিচিত বসবাস কৰা কোচ ৰাজবংশী লোক সকলক দীৰ্ঘদিনীয়া দাবী সমূহ সমাধনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। বিজেপিয়ে বিটিচিত বসবাস কৰা লোক সকলকৰ সমস্যা সমূহ সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰিছে গতিকে কোচ ৰাজবংশী জাতীয় মহাসভাই এইবাৰ বিটিচি নিৰ্বাচনত বিজেপি দলত পূৰ্ণ সমৰ্থন আগবঢ়াব।

বিজেপিয়ে বিটিচি নিৰ্বাচনৰ বাবে নিজৰ নিৰ্বাচনী ইস্তিহাৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ সমাধানৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা, কামতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে বিধানসভাত বিধেয়ক গৃহীত কৰা, বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, বিটিআৰত বসবাস কৰা জনজাতি সকলৰ ৰাজনৈতিক তথা ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অন্যান্য সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাৰ বাবে কোচ ৰাজবংশী জাতীয় মহাসভাই কোকৰাঝাৰ জিলা, চিৰাং জিলা আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত পৰিষদীয় সমষ্টিত বিজেপি দলক সমৰ্থন জনাব বুলি জানিবলৈ দিয়ে বিশ্বজিৎ ৰয়ে। বিশ্বজিৎ ৰয়ে অন্যান্য কোচ ৰাজবংশী সংগঠন সমূহকো বিজেপি দলক সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায়।

কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰা বিশ্বজিৎ ৰয় সংবাদ মেলত জানিবলৈ দিয়ে যে কংগ্ৰেছ ত্যাহ কৰাৰ পিছত বিজেপি দলত যোগদান কৰাৰ বাবে তেওঁলৈ বিজেপিৰ পৰা প্ৰস্তাৱ আহিছে। তেওঁ বর্তমানলৈকে বিজেপি দলত যোগদান কৰাৰ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। অনাগত দিনত কোচ ৰাজবংশী সংগঠন সমূহৰ সিদ্ধান্ত অনুযায়ী তেওঁ বিজেপি দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply