বিপিএফ প্ৰাৰ্থীৰ গুৰুতৰ অভিযোগ

গোৰেশ্বৰ– বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীক ভোটকেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰাৰ অভিযোগ।

আজি পুৱাৰে পৰা আৰম্ভ হোৱা বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীয়ে ২৩নং বেটাগাওঁ বাওঁশাখাৰ ভোটগ্ৰহণ কেন্দ্ৰত খা-খবৰ ল’বলৈ যাওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰাৰ্থীগৰাকীক।

বিটিচিৰ চতুৰ্থটো পৰিষদীয় নিৰ্বাচন শান্তিপূৰ্ণভাৱে চলি থকাৰ মাজতে ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত প্ৰাৰ্থীগৰাকীয়ে কয় , ‘ৰিগিং হৈছে ৩২নং বেটাগাওঁৰ ভোট কেন্দ্ৰত। চৰকাৰীভাবে ৰিগিং কৰিবলৈ চেষ্টা কৰা হৈছে এই কেন্দ্ৰত। মোক ভোটকেন্দ্ৰত সোমাবলৈ দিয়া নাই। মোক অপমান কৰিছে আৰক্ষীয়ে।’

উল্লেখ্য় যে বিটিচি নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১৩০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ ১৩,৬৪,৩২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থী সকলৰ ভাগ্য।

বাক্সা জিলাৰ এঘাৰটা পৰিষদীয় সমষ্টিৰ ৭০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭,৪১,৯১৯ গৰাকী ভোটাৰে৷ ইয়াৰ ভিতৰত মুছলপুৰত ২০ গৰাকী, তামুলপুৰত ৩৪ গৰাকী, শালবাৰীত ১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply