গোৰেশ্বৰ – বিটিচিত প্ৰথমবাৰৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। নিৰ্বাচনৰ বাবে প্ৰচাৰৰ ক্ষেত্ৰত প্ৰতিটো দলেই উঠিপৰি লাগিছে। ২০২১ ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই নিৰ্বাচনক টেষ্ট পৰীক্ষা হিচাপে গণ্য কৰিছে শাসকীয় দল বিজেপিয়ে।

মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে বিজেপিক বিটিচিৰ শাসনত অধিষ্ঠিত কৰাৰ পণ লৈছে। বিটিচিত মুঠ ২৬টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰা বিজেপিয়ে আটাইকেইটা সমষ্টিৰ ভিতৰত ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত অধিক গুৰুত্ব দিয়া দেখা গৈছে। বিজেপিৰ সমান্তৰালকৈ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়েও এই সমষ্টিটোত সুকীয়া ৰণকৌশল প্ৰস্তুত কৰিছে।

সমষ্টিটোত বিজেপিয়ে আৰতি বৰদলৈক প্ৰক্ষেপ কৰাৰ সমান্তৰালকৈ গণ সুৰক্ষা পাৰ্টিয়ে প্ৰক্ষেপ কৰিছে তৃষ্ণা মেধিক। বিপিএফে ফলীন্দ্ৰ বসুমতাৰী (ফানবাই), আৰু ইউপিপিএলে কাতিৰাম বড়োক ৰণত নমাইছে। ২০১৫ চনৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থীগৰাকী বিজয়ী হৈ কোকৰাঝাৰলৈ নিৰ্বাচিত হৈছিল যদিও এইবাৰ ফলিন্দ্ৰ বসুমতাৰীক পৰাজিত কৰিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। পিছে এইবাৰৰ এই সমষ্টিটোত বিজেপি ভাৰ্ছেছ গণ সুৰক্ষা পাৰ্টীয়েই যে হ’ব তাৰ এক আভাস পোৱা গৈছে। ইতিমধ্যেই সমষ্টিটোত কে’বাগৰাকী মন্ত্ৰী-বিধায়ক তথা দলীয় হাইপ্ৰ’ফাইল নেতাই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । অহা ২৮ নৱেম্বৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বচনী প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিব । ইতিমধ্যে দলীয় প্ৰাৰ্থী আৰতি বৰদলৈৰ সমৰ্থনত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, বিধায়িকা আঙুৰলতা ডেকা, শিল্পী যতীন বৰা, বিদ্যা সাগৰ আদিয়েও নিৰ্বাচনী সভাৰ জৰিয়তে প্ৰচাৰ কৰিছে। মহিলাৰ বিপৰীতে মহিলাক প্ৰক্ষেপ কৰি নৱ শৰণীয়াইয়ো এঘড়ী যুঁজিব বাগানপাৰাত। সেয়ে এইবাৰ বাগানপাৰাৰ যুঁজ যে বিউটি ভাৰ্ছেছ বিউ্টি হ’ব সেয়া নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply