কোকৰাঝাৰ- বহু প্ৰত্য়াশিত বিটিচি আজি ভোটগণনা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। দহটা ষ্ট্ৰংৰুমত বন্দী ৪০ টা সমষ্টিৰ ২৪১জন প্ৰাৰ্থীৰ ভাগ্য। কোকৰাঝাৰৰ তিনিটা মহকুমা ক্ৰমে কোকৰাঝাৰ, পৰ্বতঝোৰা আৰু গোসাঁইগাওঁ, চিৰাঙৰ দুটা, বাক্সাৰ তিনিটা আৰু ওদালগুৰিৰ দুটা ভোটগণনা কেন্দ্ৰত আৰম্ভ হৈছে ভোটগণনা ৷
প’ষ্টেল ভোটত দেৱৰগাওঁ সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে ৮১টা আৰু ইউপিপিএলৰ বুদ্ধদেবে ৭৮ টা ভোট লাভ কৰিছে | পোষ্টেল ভোট গণনা মতে ১২ বাজি ৩০ মিনিটলৈকে ইউপিপিএল ২৪ খন আসনত আগবাঢ়ি আছে । বিপিএফ ৮ খন আসনত আগবাঢ়ি আছে । বিজেপি ৮ খনত আগবাঢ়ি আছে । কংগ্ৰেছ ১খন আসনত আৰু ১ খন আসনত গন সুৰক্ষা পাৰ্টী আগবাঢ়ি আছে ।
ভোটগণনাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিৰাপত্তা ব্যৱস্থাও কৰিছে অসম আৰক্ষীয়ে ৷ এইক্ষেত্ৰত বিটিচিত বাহৰ পাতি থকা অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে নিৰাপত্তাৰ দিশটো তদাৰক কৰিছে৷
কচুগাওঁ সমষ্টিৰ পোষ্টেল ভোটত হাগ্ৰামা মহিলাৰীতকৈ ইউপিপিএলৰ প্ৰাৰ্থীয়ে বেছি ভোট লাভ কৰে |
ইউপিপিএল ২২ খন আসনত আগবাঢ়ি আছে । বিপিএফ ৭ খন আসনত আগবাঢ়ি আছে । বিজেপি ৮ খনত আগবাঢ়ি আছে । কংগ্ৰেছ ১খন আসনত আৰু ২ খন আসনত গন সুৰক্ষা পাৰ্টী আগবাঢ়ি আছে
দুপৰীয়া ১২.২০বজালৈ সম্পূৰ্ণ হোৱা ভোটগণনাত দেৱঁৰগাঁও আৰু কচুগাঁৱ সমষ্টিত বিৰোধীয়ে ভোটযুদ্ধত চেৰ পেলাই গৈছে মহিলাৰীক। দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ শেষতো পিছ পৰি আছে হাগ্ৰামা।
কচুগাঁৱত হাগ্ৰামা মহিলাৰী ৩১টা ভোটত পিছ পৰি থকাৰ লগতে দেঁৱৰগাঁৱত ১৫৪৩৮টা ভোটত পিছ পৰি আছে মহিলাৰী। ইফালে দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ইউ পি পি এলৰ নেতা প্ৰমোদ বড়ো এটা সমষ্টিত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে আনটো সমষ্টিত পিছ পৰি আছে।