গুৱাহাটী– সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও অসমীয়া ভাষা-সাহিত্যৰ সেৱাত নিৰলস ভাবে লাগি থকা ব্যক্তি ডাঃকৰুণা সাগৰ দাসৰ দেহাৱসান।
আজি পুৱা ৫-৩০ মিনিটত তেখেতে লণ্ডনৰ শ্লাওত ইহলীলা সম্বৰণ কৰে ।এক দীঘলীয়া সময় ধৰি তেখেতে অসম আৰু অসমীয়াৰ সৰ্বোতোপ্ৰকাৰে হিত সাধনৰ বাবে নিৰৱছিন্নভাবে কাম কৰি গৈছিল।
লণ্ডনত Shankardev International Cultural Centre খুলি গুৰুজনাৰ মণিকূট প্ৰতিষ্ঠা কৰিছিল দাসে। যোৱা ২২ বছৰে তেওঁ ‘Luit to Thames’ নামৰ অসমীয়া আৰু ইংৰাজী ভাষাৰ আলোচনী খনৰ সম্পাদনা কৰি আহিছিল।
ড৹ ভূপেন হাজৰিকাই তেওঁৰ উদাৰতাত মুগ্ধ হৈ ‘সাগৰ’ উপাধি প্ৰদান কৰিছিল। আৰু তেতিয়াৰ পৰাই কৰুণা কান্ত দাস কৰুণা ‘সাগৰ’ দাস নামেৰে জনাজাত হৈছিল।
পেছাত চিকিৎসক দাস অসমীয়া সংস্কৃতিৰ আজীৱন সাধক আছিল। দাসৰ জন্ম হৈছিল হাজোত।