গুৱাহাটী – অহা বিধানসভা নির্বাচনক লৈ কংগ্রেছ এতিয়াও যথেষ্ট আলি দোমোজাত আছে। নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙে মিত্রতা সম্পর্কীয় দিশবোৰ কেন্দ্ৰীয় নেতৃত্বলৈ ঠেলি দিয়াৰ লগে লগে কংগ্ৰেছৰ আগন্তুক কাৰ্যক্ৰমণিকাত যথেষ্ট আউল লগা পৰিলক্ষিত হৈছে। ইতিমধ্যেই এই সংক্ৰান্তীয় সকলো সিদ্ধান্ত নিখিল ভাৰত কংগ্রেছ কমিটীয়েহে ল’ব বুলি সংবাদ মেলযোগে স্পষ্ট কৰি দিছে জীতেন্দ্ৰ সিঙে। লগতে এতিয়ালৈ কোনো দলৰ সৈতে কংগ্রেছৰ মিত্রতাও হোৱা নাই বুলি প্রকাশ কৰিছে৷ আনকি মিত্রতা সম্পর্কত যি চর্চা চলি আছে, সেয়া তেওঁলোকৰ একান্তই ব্যক্তিগত চিন্তা–চর্চা বুলিও মন্তব্য কৰিছে পর্যবেক্ষক সিঙে৷

তৎসত্ত্বেও প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই মহাজোঁট গঠনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদিক তেওঁৰ সপোনৰ মহাজোঁটলৈ আহিবলৈ এতিয়াও আহ্বান জনাই আছে যদিও কোনো পক্ষই এই পৰ্যন্ত সঁহাৰি জনোৱা নাই।

পিছে সভাপতি বৰাৰ এনে স্থিতিৰ বিপৰীতে বিৰোধী দলপতি দেৱব্রত শইকীয়াই অহা বিধানসভা নির্বাচনত কংগ্রেছে ১২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ অহা নির্বাচনত দলে প্রতিটো সমষ্টিতে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি প্রকাশ কৰিছে৷ তাৰ লগে লগে স্পষ্ট হৈ পৰিছে দলটোৰ ভিতৰচ’ৰাত চলি থকা বিবাদ। প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে ইতিমধ্যে অহা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থত ধর্মনিৰপেক্ষ–গণত্ ৰাজনৈতিক দল আৰু শক্তিৰে মিলি মহাজোঁট গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ উক্ত ক’ৰ কমিটীৰ অন্যতম সদস্য হৈছে বিৰোধী দলপতি দেৱব্রত শইকীয়া৷ আনকি ক’ৰ কমিটীয়ে যোৱা আগষ্ট মাহত প্রথমখন বৈঠকত মহাজোঁট গঠনৰ সিদ্ধান্ত লোৱাৰ পিছতেই বিগত সময়ছোৱাত দলে এআইইউডিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এমএল), অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চা আদিৰে প্রাৰম্ভিক আলোচনাতো মিলিত হৈছিল৷ পিছে মহাজোঁট গঠন বা মিত্রতাৰ ক্ষেত্রত হাইকমাণ্ডৰ পৰা সেউজ সংকেত লাভ নকৰাৰ বাবেই কংগ্রেছে এতিয়াও সঠিক ৰণপন্থা প্ৰস্তুত কৰিব পৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply