শিৱসাগৰ: অসম বিধানসভাৰ আগন্তুক নিৰ্বাচন শান্তিপূৰ্ণ তথা সুচাৰুভাৱে সম্পন্ন কৰাৰ লক্ষ্য আগত ৰাখি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত নাগালেণ্ডৰ তিনিখন জিলা ক্ৰমে মন, মুককচাঙ আৰু লঙলেং জিলাৰ পৰা অহা উচ্চস্তৰীয় প্ৰশাসনিক তথা আৰক্ষী বিষয়াসকলৰ লগত গেলেকী অ’ এন জি চি-ৰ ডি এছ এ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।
দুয়োখন ৰাজ্যৰ সীমাবৰ্তী অঞ্চলত বহুকেইটা ভোটগ্ৰহন কেন্দ্ৰ আছে | বহুসময়ত নাগালেন্ডৰ সীমাৰ পৰা লোক আহি ভোটগ্ৰহনত বাধা দিয়া ঘটনাও ঘটি গৈছে | এইবাৰৰ বৈঠকত অসম-নাগালেণ্ড সীমান্তত যোৱা সময়চোৱাত হোৱা বিভিন্ন বিষয়ৰ ওপৰত বিতং আলোচনাৰ শেষত নাগালেণ্ডৰ তিনিওখন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে আগন্তুক বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ তথা সুচাৰুভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
সভাত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, নাজিৰাৰ মহকুমাধিপতি লখিমী দত্ত, নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া প্রদীপ কোঁৱৰ আৰু সীমান্ত দণ্ডাধীশ ৰাজীৱ সোনোৱালকে ধৰি অন্যান্য প্ৰশাসনিক আৰু আৰক্ষী বিষয়াসকলে অংশগ্ৰহণ কৰে।