গুৱাহাটী: বহাগ বিহুৰ আগতেই অসমত হব লাগে বিধানসভা নিৰ্বাচন। তিনিদিনীয়া অসম ভ্ৰমণত থকা দেশৰ নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত এই আহ্বান কৰিলে ৰাজ্যৰ সকলো ৰাজনৈতিক দলে। হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হোৱা বৈঠকত বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হোৱা বিষয়টোত সকলো ৰাজনৈতিক দলে সহমত পোষণ কৰিছে।
উল্লেখ্য যে, ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত বহিছে নিৰ্বাচনী আয়োগৰ এই দলটো। এই দলটোৰ নেতৃত্ব দিছে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰা লগত আছে দুগৰাকীকৈ নিৰ্বাচনী আয়ুক্ত।
আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ উপৰিও মুখ্য সচিব, গৃহ সচিবৰ লগতে আৰক্ষী সঞ্চালকৰ সৈতেও বৈঠকত বহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো । তিনিদিনীয়া ভ্ৰমনসূচী সামৰি অহা ২০ জানুৱাৰীত উভতি যোৱাৰ আগতে নিৰ্বাচনী আয়োগৰ দলটোৱে সম্বোধন কৰিব এখন সংবাদমেল।