যোৰহাট – সদায় আনতকৈ বেলেগ মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী। ব্যতিক্ৰমী কামৰ বাবে বিখ্যাত ৰূপজ্যোতি কুৰ্মী। এইবাৰ ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
ব্যতিক্ৰম কামৰ জৰিয়তে সদায় চৰ্চাত থকা যোৰহাট জিলাৰ মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ এক ব্যতিক্ৰমী কাৰ্যৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ধন বিচাৰি বেংকত গৈ ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
বেংক মেনেজাৰক আঠুলৈ গামোচা পিন্ধাই অনুৰোধ আঁচনিৰ ধন মুকলাবলৈ অনুৰোধ ৰূপজ্যোতি কুৰ্মীৰ। উল্লেখ্য যে বিগত ২০১৯-২০ আৰু ২০-২১ বৰ্ষৰ বিধায়ক পুঁজিৰ লগতে কেইবাটাও আঁচনিৰ ধন ইতিমধ্য উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মোকলাই দিয়া হৈছে যদিও যোৰহাট জিলাৰ গড়আলিস্থিত ইউ বি আই শাখাই হিতাধিকাৰিক ধন প্ৰদান নকৰাত ক্ষুন্ন হৈ পৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।
ইফালে ৰাজ্যত নিৰ্বাচনী বতাহ বৈছে আৰু যি কোনো মূহুৰ্তত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত আঁচনিৰ লাভৰ পৰা বঞ্চিত হৈ পৰিব মৰিয়নীৰ হিতাধিকাৰি সকল। সেয়ে বেংকৰ এই হেমাহিৰ প্ৰতিবাদত বেংক মেনেজাৰক গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে আঠু কাঢ়ি ৰূপজ্যোতি কুৰ্মীয়ে অনুৰোধ জনাই যাতে দুই এদিনৰ ভিতৰত আঁচনিৰ ধন হিতাধিকাৰিক প্ৰদান কৰে।