গুৱাহাটী – পূৰ্বতকৈ স্বাস্থ্যৰ কিছু উন্নতি হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। দেওঁবাৰে নিশা বুকুৰ বিষ আৰু উশাহ -নিশাহ লোৱাত সমস্যা হোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্রাক্তন মুখ্যমন্ত্ৰী গৰাকীক ।স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল ।পিছত জি এম চি এইচৰ চিকিৎসাকৰ্মীৰ তত্বাৱধানত ক্ৰমাৎ সুস্থ হৈ উঠে গগৈ ।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই কয় , ‘তেওঁ এতিয়া বিপদমুক্ত ।তথাপিও আমি ২৪ ঘণ্টা তেওঁক পৰ্যবেক্ষণত ৰাখিম ।তেওঁ পুত্ৰৰ (গৌৰৱ গগৈ)সৈতেও কথা বতৰা পাতিছে ।’

লগতে তেওঁ সংবাদকৰ্মীৰ আগত জনাই যে ,’ তেওঁৰ স্বাস্থ্যৰ বহু উন্নত হৈছে।মোৰ অনুভৱ তেওঁ যোৱাকালিতকৈ অধিক সুস্থ হৈ উঠিছে । ‘ Noninvasive ventilation (NIV) ‘ তেওঁৰ পৰা আঁতৰাই দিয়া হৈছে ।’

উল্লেখ‍্য যে যোৱা ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শৰীৰত কভিড-১৯ ধৰা পৰাত তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল।সম্পূৰ্ণ দুমাহ চিকিৎসা কৰাৰ অন্তত সুস্থ হৈ উঠাত ২৫ অক্টোবৰ তাৰিখে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়ে চিকিৎসকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply