নগাঁও – নগাঁৱৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ে আদায় কৰা নাই ৪০ লাখ টকাৰ বিদ্যুৎ বিল। চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল অনাদায় সন্দৰ্ভত নগাঁৱত সংবাদ মেল অনুষ্ঠিত কৰি অভিযোগ শক্তি বিতৰণ কোম্পানীৰ।
চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ যোগান ধৰি এতিয়া যেন বিপদত পৰিছে শক্তি বিতৰণ কেন্দ্ৰই। মঙলাবাৰে নগাঁৱৰ শক্তি বিতৰণ কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শক্তি বিতৰণ কোম্পানীৰ কৰ্তৃপক্ষই। সংবাদ মেলত উত্থাপন কৰা অভিযোগ অনুসৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা বন বিভাগৰ কাৰ্যালয়ৰ বিগত কেইবাবছৰ ধৰি বিদ্যুৎ বিল আদায় কৰা নাই চৰকাৰে।
অভিযোগ অনুসৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ দহ লাখৰো অধিক বিল অনাদায়ৰ লগতে আৱৰ্ত ভৱন আৰু উপায়ুক্তৰ চৰকাৰী আবাসগৃহৰ ৭ লাখৰো অধিক, চি আৰ পি এফ কেম্পৰ ১১ লাখ, বন বিভাগৰ কাৰ্যালয়ৰ অনাদায় বিলৰ পৰিমাণ ১২ লাখৰো অধিক।
উল্লেখ্য যে নগাঁৱৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ লগতে নগাঁও আদালতত বিদ্যুৎ বিল অনাদায় হৈ আছে বুলি অভিযোগ উত্থাপন কৰে শক্তি বিতৰণ কোম্পানীৰ কৰ্তৃপক্ষই। বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল অনাদায়ক লৈ এতিয়া চৰম বিপদত পৰিছে শক্তি বিতৰণ কোম্পানী।