সদৌ অসম আশাকর্মী সন্থাৰ প্ৰতিবাদ

গুৱাহাটী – অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনাও উত্তাল লাষ্ট গেট। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰে লাষ্ট গেট। সদৌ অসম আশাকর্মী সন্থাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে তেওঁলোকৰ বিভিন্ন দাবী সমূহ পূৰণৰ দাবীত লাষ্ট গেটৰ প্ৰতিবাদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে। আশাকর্মী সকলে প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰে সমাধান কৰাৰ আহ্বান জনায়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আশাকর্মী সকলে আমাৰ দাবী মানিবাই লাগিব, আমাক নিযুক্তিপত্ৰ প্ৰদান কৰক, আমাক উপযুক্ত মজুৰি প্ৰদান কৰক আদি শ্ল’গানেৰে লাষ্ট গেট উত্তাল কৰি তোলে। সদৌ অসম আশাকর্মী সন্থাৰ সভানেত্ৰী দীপ্তি দেৱীয়ে কয় যে “বিগত ১৫ বছৰে আশাকর্মী সকলে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। আশাকর্মী সকলৰ সেৱাৰ পৰিপ্ৰেক্ষিতত অসমত গৰ্ভৱতী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পোৱাৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰো হ্ৰাস পাইছে। আশাকর্মী সকলৰ এই অৱদানৰ পিছতো আশাকর্মী সকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে”।

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত আশাকর্মী সকল

আশাকর্মী সকলৰ কৰ্মৰ বিনিময়ত কেৱল মাত্ৰ হেলিকাপ্টাৰেৰে ফুল চিটিয়ালে আশাকর্মী সকলৰ পেটৰ ভোক নুগুছে। গতিকে আশাকর্মী সকলক উপযুক্ত মজুৰি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰে সদৌ অসম আশাকর্মী সন্থাৰ সভানেত্ৰী দীপ্তি দেৱীয়ে। আশাকর্মী সকল নিজৰ প্ৰাপ্যৰ বাবে এইদৰে প্ৰতিবাদ কৰিবলগীয়া হোৱাটো অতিকৈ পৰিতাপৰ বিষয় বুলিও ক্ষোভ উজাৰে দীপ্তি দেৱীয়ে।

আশাকর্মী সকলক নিযুক্তিপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, আশাকর্মী সকলক উপযুক্ত মজুৰি প্ৰদান কৰা, ৬০ বছৰ বয়সৰ উৰ্দ্ধত কাম কৰি থকা আশাকৰ্মী সকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ লগতে অন্যান্য কেইবাটাও দাবী লৈ আশাকর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আশাকর্মী সকলে তেওঁলোকৰ দাবী সমূহ সন্নিবিষ্ট এখন স্মাৰক পত্ৰও মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্রীলৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply